স্মাৰ্ট মিটাৰে হ্ৰাস কৰে বিদ্যুতৰ মাচুল...

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিদ্যুতৰ গ্ৰাহকক স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়

author-image
Asomiya Pratidin
New Update
স্মাৰ্ট মিটাৰে হ্ৰাস কৰে বিদ্যুতৰ মাচুল...

ডিজিটেল ডেস্কঃ দেশৰ লগতে ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। প্ৰায় প্ৰতি মাহতেই যেন দেশত বৃদ্ধি হৈছে বিদ্যুতৰ কৰ। ঋণত ডুব যোৱা চৰকাৰে ঋণ পৰিশোধ কৰিবলৈ সাধাৰণ ৰাইজৰ মূৰত জাপি দিছে অত্যাধিক কৰৰ বোজা। কৰ বৃদ্ধিৰ বিৰুদ্ধে সাধাৰণ ৰাইজে মাত মাতিলেও সেইয়া যেন এতিয়া অতি খন্তেকীয়া হৈ পৰিছে, যাৰ বাবে চৰকাৰৰ গুৰুত্ব নাই এই সমূহ দিশৰ ওপৰত। চৰকাৰী হিতাধীকাৰী আঁচনিক যেন মুখ বন্ধ কৰাৰ প্ৰধান উপায় হিচাপে অৱলম্বন কৰিছে চৰকাৰে।

বৃদ্ধি পোৱা বিদ্যুতৰ বিলত সাধাৰণ লোক অতিষ্ঠ হোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে গ্ৰীষ্মকালত বিদ্যুতৰ বিল হ্ৰাস পাব পৰা উপায় দিছে জনতাক। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিদ্যুতৰ গ্ৰাহকক স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ দ্বাৰা বিদ্যুতৰ বিল ২.৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে বুলি তেওঁ মন্তব্য কৰে । স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱহাৰ কৰিলে বিদ্যুৎ যোগানকাৰীৰ পৰিচালনা আৰু আৰ্থিক ব্যয় হ্ৰাস পায়। ইয়াৰ কাৰণ হ’ল গ্ৰাহকে আগতীয়াকৈ একাউণ্টত জমা দিব লাগে মাচুল।

তদুপৰি স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ লগে লগে এই ব্যৱস্থা ডিজিটেল আৰু স্বয়ংক্ৰিয় হ’ব আৰু সামগ্ৰিকভাৱে কাৰ্যক্ষমতা বৃদ্ধি পাব। প্ৰতিবেদন অনুসৰি, বিলৰ পৰম্পৰাগত প'ষ্ট-পেইড মিটাৰ ব্যৱস্থাৰ তুলনাত স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱহাৰকাৰীসকলে উন্নত অভিজ্ঞতা লাভ কৰিছে।

উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ স্থাপনৰ সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে ইতিমধ্যেই এক সমীক্ষা কৰিছিল। য'ত অংশগ্ৰহণ কৰা গ্ৰাহকৰ ৯২ শতাংশই স্মাৰ্ট মিটাৰ স্থাপন কৰাটো সহজ বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে ৫০ শতাংশই বিদ্যুতৰ বিল উন্নত হ’ব বুলি মত পোষণ কৰে।

আনহাতে কাউন্সিল অৱ এনাৰ্জি, এনভাইৰনমেণ্ট এণ্ড ৱাটাৰে (চিইইডব্লিউ) মেকআৰ্থাৰ ফাউণ্ডেশ্যন আৰু ব্লুমবাৰ্গ ফিলানথ্ৰপিছৰ সহযোগত কৰা সমীক্ষা অনুসৰি প্ৰায় ৬৩ শতাংশই গ্ৰাহকক স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্যযোগ্য যে, ছয়খন ৰাজ্যৰ ১৮খন জিলাৰ ৪৫০০ লোকে এই সমীক্ষাত অংশগ্রহণ কৰে। য'ত অসম, বিহাৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ইউ পি লোকক সামৰি লোৱা হয়।

Also Read: কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...

Assam State Electricity Board