বছৰৰ শেষত আন এক 'উপহাৰ'-পুনৰ বৃদ্ধি পালে বিদ্যুৎৰ মাচুল....

বছৰৰ শেষত আন এক 'উপহাৰ'-পুনৰ বৃদ্ধি পালে বিদ্যুৎৰ মাচুল....

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ মাচুল! প্ৰতিমাহে গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত ১০ টকা

বছৰৰ শেষত আন এক 'উপহাৰ'-পুনৰ বৃদ্ধি পালে বিদ্যুৎৰ মাচুল.... APDCL

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। এ পি ডি চি এলে এক জাননীৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এই জাননী ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল এ পি ডি চি এল।

যোৱা ৯ ডিচেম্বৰতেই জাৰি কৰা এই জাননী অনুসৰি ডিচেম্বৰৰ পৰাই গ্ৰাহকে বৰ্ধিত মাচুল আদায় দিব লাগিব। জাননীখনত উল্লেখ আছে, সাধাৰণ বিদ্যুৎ উপভোক্তাসকলৰ প্ৰতি সংবেদনশীল হোৱাৰ বাবে সকলো শ্ৰেণীৰ গ্ৰাহকক প্ৰতি ইউনিটত ৩০ পইচাত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সমন্বয় (এফ পি পি এ) নৱেম্বৰ ২২ তাৰিখে ব্যৱহাৰ কৰা শক্তিৰ বৰ্ধিত মাচুল ডিচেম্বৰৰ ২০২২ মাহৰ পৰা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ক্লিক কৰি পঢ়কঃ কাছাৰত ১ কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ

assam apdcl