আহি আছে নতুন সুবিধাঃ 'X'তো এতিয়া কৰিব পাৰিব VIDEO CALL...

আহি আছে নতুন সুবিধাঃ 'X'তো এতিয়া কৰিব পাৰিব VIDEO CALL...
Published on
Updated on

ডিজিটেল ডেস্কঃ অচিৰেই টুইটাৰ তথা এক্সৰ উপভোক্তাই লাভ কৰিব ভিডিঅ কলিঙৰ সুবিধা। এক্সৰ জৰিয়তেও উপভোক্তাই গ্ৰুপ কলিঙৰ পৰা আদি কৰি ব্যক্তিগত ভিডিঅ কলিঙৰো সুবিধা লাভ কৰিব। এক্সৰ এগৰাকী উচ্চ পদস্থ বিষয়াই সদৰি কৰিছে এই তথ্য।

উল্লেখ্য যে, এলন মাস্ক মালিকানাধীন এক্সত এতিয়ালৈকে ভিডিঅ কলিঙৰ কোনো সুবিধা উপলদ্ধ নাছিল। কিন্তু কিছুদিনৰ আগেয়ে এক্সে ভিডিঅ কলিঙৰ এটা টেষ্টিং আৰম্ভ কৰিছিল আৰু উপভোক্তাৰ পৰা যথেষ্ট ভাল সহাঁৰি লাভ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত অচিৰেই এই সুবিধা মুকলি কৰিব এক্স কৰ্তৃপক্ষই।

সামাজিক মাধ্যমযোগে এক্সৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে কৰা এই ঘোষণাক সত্য বুলি ঘোষণা কৰিছে মালিক এলন মাস্কয়েও। কিন্তু এতিয়ালৈকে এক্স কৰ্তৃপক্ষৰ তৰফৰ পৰা এই সুবিধাৰ কথা আনুষ্ঠানিকভাৱে মুকলি কৰা নাই। সকলো মডেলৰ স্মাৰ্ট ফোনতে এক্সৰ জৰিয়তে ভিডিঅ কলিঙৰ সুবিধা লাভ কথা সদৰি কৰিছে এক্স কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in