বিশিষ্ট সাংবাদিক প্ৰয়াত বিকাশ শৰ্মাৰ উপন্যাস 'চিকাৰী ককা' উন্মোচন

গোলাঘাটৰ অলিয়ে-গলিয়ে ভ্ৰমণৰ জৰিয়তে খাটিখোৱা মেহনতী জনতাৰ স্বাৰ্থত প্ৰতি মুহূৰ্ততে সাহসেৰে সমগ্ৰ বিষয়বোৰ তুলি ধৰিছিল সাংবাদিক বিকাশ শৰ্মাই : অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাংবাদিক প্ৰয়াত বিকাশ শৰ্মাৰ উপন্যাস 'চিকাৰী ককা' উন্মোচন

ডিজিটেল সংবাদ, গোলাঘাট : "যি সময়ত আধুনিকতাৰ ধামখুমীয়াত মানুহৰ মনৰ সম্পৰ্কত ব্যৱধান আহি পৰিছে ঠিক তেনে সময়তো সদ্যপ্ৰয়াত সাংবাদিক বিকাশ শৰ্মাই সংবাদ মাধ্যমৰ গণমুখী যাত্ৰা অব্যাহত ৰাখিছিল ৷" এই মন্তব্য অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ।

অসমীয়া প্ৰতিদিনৰ সদ্যপ্ৰয়াত সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মাৰ অবৰ্তমানত অনুষ্ঠিত 'চিকাৰী ককা' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত সভাপতি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত ৷ মহন্তই লগতে কয় যে গোলাঘাটৰ অলিয়ে-গলিয়ে ভ্ৰমণৰ জৰিয়তে খাটিখোৱা মেহনতী জনতাৰ স্বাৰ্থত প্ৰতি মুহূৰ্ততে সাহসেৰে সমগ্ৰ বিষয়বোৰ তুলি ধৰিছিল সাংবাদিক বিকাশ শৰ্মাই ৷

'চিকাৰী ককা' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান
'চিকাৰী ককা' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান

আনকি, বহিঃৰাজ্যৰ বিভিন্ন সামাজিক-সাংস্কৃতিক-বিদ্যায়তনিক বিষয় সুস্থভাৱে উপস্থাপন কৰিছিল সাংবাদিক বিকাশ শৰ্মাই ৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিকাশ শৰ্মাৰ অবৰ্তমান সমাজৰ বাবেই এক বৃহৎ ক্ষতি ৷

অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক মহন্তই অতীত সুঁৱৰি কয় যে জ্যোতি লোহাৰ নামৰ যুৱকজনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষী অধীক্ষক ৰাঘৱেন্দ্ৰ অগস্তি হয়তো কেতিয়াও ধৰা নপৰিলেহেঁতেন, যদিহে বিকাশ শৰ্মাই সাহসেৰে উপস্থাপন নকৰিলেহেঁতেন ৷ সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিৰ স'তে যোগাযোগ ৰখা সাংবাদিক বিকাশ শৰ্মাই মৃত্যুৰ দুদিনৰ আগলৈকে বাতৰি প্ৰেৰণ কৰি নিজৰ সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছিল ৷

আনকি, শয্যাগত অৱস্থাত লিখি থৈ যোৱা চিকাৰী ককা নামৰ গ্ৰন্থখন আজি সাংবাদিক বিকাশ শৰ্মাৰ অবৰ্তমানত জনগণৰ হাতত তুলি দিবলগীয়া হোৱাটো যেনেকৈ কষ্টকৰ ঠিক তেনেকৈ গৌৰৱৰো বিষয় ৷

ইপিনে,আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত বিকাশ শৰ্মাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ ইয়াৰ পাছতেই কণমানি দিব্যাংগ শিল্পী ভাগ্যলক্ষ্মী বৰদলৈয়ে মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰে ৷

বিকাশ শৰ্মাৰ ভাতৃ প্ৰকাশ শৰ্মাই আঁত ধৰা অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈয়ে কয় যে সৎ সাহসী সাংবাদিক বিকাশ শৰ্মাই নিজৰ শক্তিশালী লেখাৰ জৰিয়তে দুৰ্নীতিগ্ৰস্তক মুকলি প্ৰত্যাহ্বান জনাই আহিছিল ৷ তদুপৰি, নতুন প্ৰজন্মক উৎসাহিত কৰাৰ ক্ষেত্ৰত বিকাশ শৰ্মাৰ যথেষ্ট অৰিহণা আছিল ৷

জামুগুৰিৰ কালুজানত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে- বিকাশ শৰ্মাৰ পিতৃ হেমকান্ত শৰ্মা, শিক্ষয়িত্ৰী দীপ্তি বৰুৱা, নাট্যকাৰ বলীন শৰ্মা, জ্যেষ্ঠ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক গিৰীণ বৰা, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ প্ৰতিনিধি, গোলাঘাট, সৰুপথাৰৰ বিভিন্ন গৰাকী লেখক, সাংবাদিক তথা শুভাকাংক্ষী।

এই আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিকাশ শৰ্মাৰ দ্বাৰা ৰচনা কৰা 'চিকাৰী ককা' গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট বোলছবি পৰিচালক, শিক্ষাবিদ দীনেশ গগৈয়ে ৷ গ্ৰন্থখন উন্মোচন কৰি গগৈয়ে কয় যে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা সাংবাদিক বিকাশ শৰ্মা সঁচা অৰ্থত জনহিতাৰ্থে কাম কৰা এগৰাকী ব্যক্তি আছিল ৷

শ্ৰদ্ধা নিবেদন কৰি থকা অৱস্থাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত
শ্ৰদ্ধা নিবেদন কৰি থকা অৱস্থাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত

উন্মোচকে নিজৰ ব্যক্তিগত জীৱনৰ বিভিন্ন উদাহৰণ দি সাংবাদিক বিকাশ শৰ্মা যে প্ৰেৰণাৰ উৎস আছিল সেই সম্বন্ধে ব্যক্ত কৰে ৷ তেখেতে সাংবাদিক বিকাশ শৰ্মাৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷

Also Read: মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাৰোহৰ লাইখুটা স্থাপন

বিকাশ শৰ্মা