ডিজিটেল সংবাদ দক্ষিণ শালমাৰা: প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰীৰ ফকিৰগঞ্জত বুঢ়া লুইতৰ পাৰত ভয়াবহ গৰাখহনীয়া আৰম্ভ হোৱাত অঞ্চলটোত ইতিমধ্যে কেইবা শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে কেবাটাও শিক্ষানুষ্ঠান, শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে খহনীয়াৰ ভাবুকিত পৰিছে প্ৰায় ৮০ বছৰীয়া ঐতিহাসিক হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
অঞ্চলটোত অব্যাহত থকা এই গৰখাহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি ফকিৰগঞ্জ আঞ্চলিক যুৱ সমাজে এক প্ৰতিবাদী মিছিল উলিওৱাৰ লগতে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী লোকসকলে উত্তাল শ্লোগানেৰে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায় ।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা সমষ্টিত দীৰ্ঘদিনৰ পৰা বুঢ়া লুইতে চলাইছে তাণ্ডৱলীলা। ইতিমধ্যে সমষ্টিটোৰ কেৱল ফকিৰগঞ্জ অঞ্চলতে সহস্ৰাধিক পৰিয়ালে খহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰিছে।
নদীৰ বুকুত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি, হেৰাই গৈছে বহু শিক্ষানুষ্ঠান। অঞ্চলটোত খহনীয়াই সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতো খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধৰ ব্যৱস্থা কৰা হোৱা নাই।
কিছুদিন পূৰ্বে দুই সহস্ৰাধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা ঐতিহাসিক হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানখন খহনীয়াৰ কবলত পৰাৰ পাছত ৰাইজৰ দাবীৰ ভিত্তিত ধুবুৰী জিলা উপায়ুক্ত খহনীয়া পৰিদৰ্শন কৰি তৎকালীন ভাবে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায়। ৰাইজৰ সহযোগত খহনীয়া সামান্য কমিলেও নদীৰ পানী বৃদ্ধি পোৱাৰ লগে লগে পুনৰ খহনীয়া আৰম্ভ হ'লে বুঢ়া লুইতৰ বুকুত বিলীন হ'ব ৮১ বছৰীয়া ঐতিহাসিক হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
একেদৰে ফকিৰগঞ্জ আৰক্ষী থানা, ফকিৰগঞ্জ বজাৰৰ প্ৰায় পাঁচ শতাধিক দোকান, কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ বুকুত বিলীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এনে পৰিস্থিতিৰ বাবে কিছুদিন পূৰ্বে অঞ্চলটোৰ ৰাইজে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নদীৰ পাৰত আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি খহনীয়া বন্ধ হোৱাৰ বাবে শৰণাপন্ন হৈছিল।
ইয়াৰ পাছতো চৰকাৰে অঞ্চলটোৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি ফকিৰগঞ্জ আঞ্চলিক যুৱ সমাজে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। দিনৰ প্ৰায় ১২ বজাত খহনীয়াৰ ভাবুকিত পৰা হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্মুখত আঞ্চলিক যুৱ সমাজৰ উদ্যোগত অঞ্চলটোৰ দুই শতাধিক স্থানীয় ৰাইজ, বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদী মিছিল উলিয়ায়।
ফকিৰগঞ্জ অঞ্চলৰ মূল মূল পথ পৰিভ্ৰমণ কৰি দিনৰ প্ৰায় ১ বজাত প্ৰতিবাদী মিছিল পুনৰ নদীৰ পাৰত থকা বিদ্যালয়খনৰ সম্মুখত সমবেত হৈ বিয়লি ৩ বজালৈ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। দুঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে কান্দি কান্দি চৰকাৰৰ ওচৰত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে আহ্বান জনায়।
প্ৰতিবাদকাৰীসকলে কয় যে, জিলা উপায়ুক্তই বিপদৰ সময়ত যিদৰে জিঅ' বেগৰ দ্বাৰা তৎকালীন ভাবে খহনীয়া নিয়ন্ত্ৰনলৈ আনিছে ঠিক একেদৰে হামিদাবাদ ঐতিহাসিক আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ফকিৰগঞ্জ অঞ্চল সুৰক্ষা দিয়াৰ স্বাৰ্থত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে।
ফকিৰগঞ্জ অঞ্চলৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে প্রয়োজনত আঞ্চলিক যুৱ সমাজ ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ খোজ কাঢ়ি গৈ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। মন কৰিবলগীয়া যে, হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় নদীত জাহ গ'লে দুই সহস্ৰাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব।
আনেকি ফকিৰগঞ্জ বজাৰ নদীত জাহ গলে পাঁচ শতাধিক ব্যৱসায়ী কৰ্মহীন হৈ পৰাৰ উপৰিও হেজাৰ হেজাৰ পৰিয়াল গৃহহীন হৈ পৰিব। এই ক্ষেত্ৰত ফকিৰগঞ্জ আঞ্চলিক যুৱ সমাজৰ এই ধৰ্ণা কাৰ্য্যসূচীৰ প্ৰতি চৰকাৰ বা জিলা প্ৰশাসনে কেনে ধৰণৰ সঁহাৰি দিয়ে সেৱা পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।