চৰকাৰৰ মুকলি অফাৰঃ দেশ এৰি গ'লে নগদ ধনেৰে দিয়া হ'ব পুৰস্কাৰ...

চৰকাৰৰ মুকলি অফাৰঃ দেশ এৰি গ'লে নগদ ধনেৰে দিয়া হ'ব পুৰস্কাৰ...

চুইডেন চৰকাৰৰ আজৱ ঘোষণা
Published on

ডিজিটেল ডেস্কঃ দেশ এৰি যোৱা, তাৰ বাবে পাবা পইচা। নিজৰ দেশ এৰি যদি গুছি যায় তেন্তে নগদ পইচাৰ লগতে যি অন্য দেশলৈ যাব তাৰ ভাড়াও বহন কৰিব চৰকাৰে। আচৰিত যেন লাগিলেও শেহতীয়াকৈ ইউৰোপীয় দেশ চুইডেনে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। দেশৰখনৰ বিদেশ মন্ত্ৰীয়ে ঘোষণা কৰিছে যে, চুইডেনৰ যিসকল লোক বিদেশত জন্মগ্ৰহণ কৰিছে, তেওঁলোকে স্বইচ্ছাই দেশ এৰি যাব পাৰে। যাৰ বাবে তেওঁলোকে নগদ পইচাৰ লগতে যিদেশলৈ যাব বিচাৰে তাৰ ভাড়াও বহন কৰিব চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰক্ৰিয়াৰ বাবে নতুন আঁচনিও ঘোষণা কৰিছে চুইডেন চৰকাৰে। যি আঁচনিৰ অধীনত দেশ এৰি গুছি গলে নাইবা চুইডেনৰ নাগৰিকত্ব ত্যাগ কৰিলে দিয়া হয় ১০হাজাৰ চুইডেন ক্ৰাউন অৰ্থাত ভাৰতীয় মূল্যত প্ৰায় ৮০হাজাৰ টকা। কোনো শিশুয়ে যদি দেশ এৰি গুচি যায় তেন্তে ইয়াৰ বাবে দিয়া হয় ভাৰতীয় মূল্যত প্ৰায় ৪০হাজাৰ টকা।

প্ৰথমে এই আঁচনি কেৱল প্ৰৱাসী চুইডেন নাগৰিকৰ বাবে প্ৰযোজ্য কৰা হৈছিল যদিও এতিয়া দেশৰখনৰ সকলো নাগৰিকৰ বাবে এই আইনখন মুকলি কৰিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, চুইডেনত বিগত ২০বছৰত ইমানেই জনসংখ্যা তথা প্ৰৱাসী নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে যে যোৱা ২০বছৰত জনসংখ্যা প্ৰায় দুগুণ হৈছে।

প্ৰায় ২০লাখৰো অধিক প্ৰৱাসী লোক এই দেশখনত থকাৰ কথা ৰাজহুৱা কৰিছে চৰকাৰে। ২০১৫চনতো এনে বহু আইন আনিছিল যদিও কোনো ফল নধৰিল। সেয়েহে এইবাৰ পুনৰ এক নতুন লোভনীয় প্ৰক্ৰিয়া প্ৰণয়ন কৰি দেশখনত জনসংখ্যা হ্ৰাস কৰিব বিচাৰিছে চুইডেন চৰকাৰে।

চৰকাৰৰ মুকলি অফাৰঃ দেশ এৰি গ'লে নগদ ধনেৰে দিয়া হ'ব পুৰস্কাৰ...
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত জপিয়াই সন্ধানহীন এজন: অভিযান অব্যাহত
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in