/asomiyapratidin/media/media_files/2025/08/16/xxxzzz-2025-08-16-21-57-29.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাৰে পৰা বিশ্বনাথত চলিব প্ৰশাসনৰ বুলড'জাৰ। এই উচ্ছেদ অভিযানৰ প্ৰস্তুতি সম্পৰ্কে জিলা প্ৰশাসনে শনিবাৰে সম্বোধন কৰিলে এক সংবাদমেল।
বিশ্বনাথৰ ননকে জাপৰিগুৰিত পুৱা ৮ বজাৰ পৰা চলিবলগীয়া এই উচ্ছেদ চাৰিটা জ'নত ভাগ কৰা হৈছে। দুজনকৈ অতিৰিক্ত আয়ুক্তই এই অভিযান তদাৰক কৰাৰ লগতে ৬ জনকৈ দণ্ডাধীশক আইন শৃংখলা কাৰ্যৰ বাবে নিয়োগ কৰা হৈছে। ২০ খনকৈ এক্সকেভেটৰ, ১০ খনকৈ ট্ৰেক্টৰ আৰু আৰক্ষী কঢ়িয়াবলৈ কেইবাখনো লঘু যান-বাহনৰ লগতে ৬খন বাছ থাকিব এই উচ্ছেদ অভিযানত। লগতে নিয়োগ কৰা হব প্ৰায় হাজাৰতকৈ অধিক আৰক্ষী বাহিনী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/capture-2025-08-16-21-57-50.jpg)
উল্লেখযোগ্য যে,অবৈধভাবে বেদখল কৰা ৩০৯ টা পৰিয়ালে প্ৰায় ১৭৫ বিঘা ভূমি এৰি ইতিমধ্যে নিজৰ ঘৰ দুৱাৰ ভাঙি সা-সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। বিশ্বনাথ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা ১ আগষ্টত জিলাখনৰ জাপৰিগুৰি অঞ্চলৰ প্ৰায় ৩০৯ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল। এই জাননী দিয়াৰ পিছতে ইতিমধ্যে লোকসকলে নিজেই ভাঙি পেলাইছে বেদখলকৃত ভূমিত নিৰ্মাণ কৰা ঘৰসমূহ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us