ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গাইকৱাদৰ কাষত থিয় দিছে ভাৰতীয় ক্ৰিকেট বৰ্ড তথা বি চি চি আই। বৰ্তমান বিদেশত চিকিতসাধীন প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ উন্নত চিকিতসাৰ বাবে ১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে বি চি চি আয়ে। ইতিমধ্যে অধ্যক্ষ জয় শ্বাহে এক বিবৃতি যোগে এই ঘোষণা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭৫ চনৰ পৰা ১৯৮৭ চনলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য আছিল তেওঁ। ভাৰতৰ হৈ ৪০খন টেষ্ট আৰু ১৫খন এদিনীয়া মেচ খেলিছিল গাইকৱাদে। ১৯৮২ চনত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ দুবাৰকৈ ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Also Read: ডিমুত প্ৰয়াত দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান