"দেশৰ ন্যায় ব্যৱস্থাত শীঘ্ৰেই হ’ব আমূল পৰিবৰ্তন..."

"দেশৰ ন্যায় ব্যৱস্থাত শীঘ্ৰেই হ’ব আমূল পৰিবৰ্তন..."

'অসমীয়া প্ৰতিদিন’ৰ আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Published on
Q

পূৰ্বৰ আইনৰ তুলনাত নতুনকৈ প্ৰস্তুত কৰা আইনত কেনেধৰণৰ পৰিবৰ্তন সাধন কৰা হৈছে ? পূৰ্বৰ আইনী ব্যৱস্থাৰ ঠাইত ইয়াত কেনেধৰণৰ ধাৰা,শাস্তিৰ ব্যৱস্থা থাকিব ?

A

নতুনকৈ কাৰ্যকৰী হ’ব লগা আইনসমূহে দেশত ব্ৰিটিছ চৰকাৰৰ ঔপনিবেশিক বিধি ব্যৱস্থাৰ অৱসান ঘটাব। ই সম্পূৰ্ণ ভাৰতীয় ন্যায় ব্যৱস্থা হ’ব। ভাৰতীয় ন্যায় সংহিতাত ধাৰা সংখ্যা পূৰ্বৰ আই পি চিৰ ৫১১টাৰ পৰা ৩৫৮টালৈ হ্ৰাস কৰা হৈছে। ২২টা নতুন অপৰাধ সন্নিৱিষ্ট কৰা হৈছে। ৩৩টা অপৰাধত কাৰাবাসৰ ম্যাদ আৰু ৮৩টা অপৰাধৰ জৰিমনাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। পূর্বৰ আইনৰ ১৯টা ধাৰাৰ বিলুপ্তি ঘটোৱা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত থাকিব ৫১৩টা ধাৰা। ইয়াতে ১৭৭টা ধাৰাৰ নৱীকৰণ কৰাৰ লগতে ৯টা নতুন ধাৰা, ৩৯টা উপ-ধাৰা, ৪৪টা নতুন ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। ৩৫টা ক্ষেত্রত অডিঅ' আৰু ভিডিঅ’গ্রাফীৰ ব্যৱস্থা কৰা হৈছে। পূর্বৰ আইনৰ ১৪টা ধাৰা বিলুপ্তি ঘটেনাৱা হৈছে। আনহাতে ভাৰতীয় সাক্ষ্য সংহিতাত ১৭০টা ধাৰা থকাৰ লগতে পূর্বৰ ২৪টা বিধি ব্যৱস্থা নৱীকৰণ কৰা হৈছে। ২টা নতুন ধাৰা আৰু ৬টা উপ-ধাৰা সন্নিৱিষ্ট কৰাৰ লগতে ৬টা ধাৰা প্রত্যাহাৰ কৰা হৈছে।

Q

কেতিয়া, কেনেদৰে আৰম্ভ কৰা হৈছিল নতুন আইন প্রস্তুত কৰাৰ প্রক্রিয়া ? ইয়াক প্রস্তুতকৰণৰ বাবে কোন কোন পক্ষৰ সৈতে আলোচনা কৰা হৈছিল ? কেনেধৰণৰ কাৰিকৰী ব্যৱস্থা ইয়াত অন্তর্ভুক্ত কৰা হৈছে ?

A

শাসককেন্দ্রিকৰ পৰা নাগৰিককেন্দ্রিক হোৱাৰ দিশে অগ্রসৰ হৈ আছে দেশৰ আইন ব্যৱস্থা। নাগৰিকৰ অধিকাৰৰ সুৰক্ষা প্রদানৰ বাবে প্রস্তুত কৰা হৈছে এই আইন। সেইবাবে আইনখনৰ নাম ন্যায় সংহিতা ৰখা হৈছে। ২০১৯ চনৰ আগষ্ট মাহৰ পৰা নতুন আইনৰ কাম আৰম্ভ কৰা হৈছিল। দেশৰ সকলো সাংসদ, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, দেশৰ সকলো আইন মহাবিদ্যালয়, প্রতিখন বাৰ এছ'চিয়েচন, প্রতিজন জিলা আয়ুক্ত আৰু আই পি এছ বিষয়ালৈ পত্র প্রেৰণ কৰি তেওঁলোকৰ পৰামর্শ বিচৰা হৈছিল। মই অকলে কমেও ১,৫০০ খন বৈঠক অনুষ্ঠিত কৰিছো। ৪বছৰ ধৰি কৰা কামৰ অন্তত ইয়াৰ খোচৰা প্ৰস্তুত কৰি ইয়াক কেবিনেট আৰু সংসদত উত্থাপন কৰা হয়। সংসদত সকলো দলে ইয়াৰ ওপৰত নিজৰ মতামত আগবঢ়ায়। মুঠ ৭০০ পৰামর্শ লাভ কৰাৰ পিচত ৬৯০টা পৰামৰ্শ গ্রহণ কৰা হৈছিল। ইয়াৰ পিচতহে আইনখন চূড়ান্ত কৰি সংসদত উত্থাপন কৰা হৈছিল। বিতং আলোচনাৰ পিচত সংসদে ইয়াত অনুমোদন জনায়। ইয়াত প্রদূষণকো অন্তর্ভুক্ত কৰা হৈছে। এতিয়া দেশত সকলো ন্যায় ব্যৱস্থা এক হ'ব। ন্যায়াধীশ ৪প্ৰকাৰৰ হ'ব। প্রথম শ্রেণীৰ ন্যায়াধীশ, দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ, সত্র ন্যায়াধীশ আৰু কাৰ্যবাহী ন্যায়াধীশ। উচ্চ তথা উচ্চতম ন্যায়ালয় ইয়াৰ ওপৰত থাকিব। দেশৰ ৯খন ৰাজ্যত খোলা হৈছে ফৰেনছিক গৱেষণাগাৰ। প্ৰতিখন জিলাত একোখনকৈ ম'বাইল ফৰেনছিক বাহন দিয়াৰো পৰিকল্পনা আছে। এনে বাহনে অপৰাধৰ ঘটনা সংঘটিত হোৱা স্থান পৰিদর্শন কৰি ব্যৱস্থা ল'ব পাৰিব। দেশৰ প্রতিখন থানাত কম্পিউটাৰৰ জৰিয়তে যোগাযোগ স্থাপন কৰা হৈছে। ফৰেনছিক গৱেষণাগাৰসমূহৰ লগতে ৮০ শতাংশ কাৰাগাৰ আৰু ১৫ হেজাৰতকৈ অধিক আদালততো কম্পিউটাৰ যুক্ত কৰা হৈছে। ফলত থানা, ফৰেনছিক, কাৰাগাৰ, আদালত, প্রছিকিউচন সঞ্চালকালয় আৰু গৃহ বিভাগ সকলো সময়তে কম্পিউটাৰৰ জৰিয়তে সংযোগ হৈ থাকিব। যিকোনো ৰাজ্যৰ গৃহ মন্ত্রীয়ে ইয়াৰ জৰিয়তে প্রতিটো গোচৰ অথবা প্রতিখন এজাহাৰৰ পৰ্যালোচনা কৰিব পাৰিব আৰু তদন্তকাৰী বিষয়াৰ সৈতে পোনে পোনে কথা পাতিব পাৰিব।

Q

দেশত মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনাই গুৰুতৰ ৰূপ লৈছে। চৰকাৰে ব্যৱস্থা লৈছে যদিও এনে অপৰাধ সম্পূর্ণ নিয়ন্ত্রণলৈ অহা নাই। নতুন আইন এনে অপৰাধ নিয়ন্ত্রণত কেনেধৰণে সহায়ক হ'ব ?

A

মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ নিয়ন্ত্রণত আমি বিশেষ গুৰুত্ব দিছো। আইনখনৰ প্ৰথম অধ্যায়তে এই কথাখিনি সন্নিবিষ্ট হৈছে। বলাৎকাৰ আৰু মানৱ হত্যা আগৰ আইনত ৩০২নং স্থানতহে আছিল। আগতে লুটপাত, মাৰপিট, চৰকাৰী ধন আত্মসাৎ, চৰকাৰৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা আদিকহে বেছি গুৰুত্ব দিয়া হৈছিল। এতিয়া আমি প্রস্তাৱনা অধ্যায়ৰ পিচতে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ নতুন অধ্যায় হিচাপে অন্তর্ভুক্ত কৰিছো। ইয়াত থকা ৩৫টা ধাৰাৰ ১৩টা নতুন ধাৰা আনিছো। দলৱদ্ধ ধর্ষণৰ শাস্তি হিচাপে ২০ বছৰৰ কাৰাদণ্ড, আজীৱন কাৰাবাস আৰু নাবালিকা ধৰ্ষণৰ ক্ষেত্রত মৃত্যুদণ্ডপর্যন্ত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। মিছা প্রলোভনেৰে শাৰীৰিক সম্পৰ্ক কৰাসকলৰ বিৰুদ্ধেও শাস্তিৰ ব্যৱস্থা কৰা হৈছে। নিপীড়িতৰ জবানবন্দি গ্রহণ প্রক্রিয়াত ভিডিঅ' ৰেকর্ডিং বাধ্যতামূলক কৰা হৈছে। পৰিয়ালৰ লোকৰ উপস্থিতিতহে জবানবন্দী ল'ব লাগিব। আনকি মহিলাৰ ঘৰলৈ গৈও জবানবন্দি লিপিবদ্ধ কৰাৰ ব্যৱস্থা ৰখা হৈছে।

Q

সন্ত্রাসবাদৰ সমস্যাটো দেশৰ এক জটিল সমস্যা। ই পূৰ্বৰ তুলনাত হ্রাস পাইছে যদিও সম্পূর্ণ নির্মূল হৈ যোৱা নাই। অসমসহ উত্তৰ-পূবত এতিয়া পৰিস্থিতি যথেষ্ট শান্তিপূর্ণ। কিন্তু আলফা (স্বাধীন), মাওবাদীকে ধৰি কিছু গোট এতিয়াও সক্রিয় হৈ আছে। গতিকে সন্ত্রাবাদ নিয়ন্ত্রণৰ ক্ষেত্রত আইনখনে কেনেদৰে কাম কৰিব ?

A

আইনখনত তিনিটা নতুন বিষয় বাছনি কৰা হৈছে। ইয়াৰে এটা সংগঠিত অপৰাধ বিষয়ক। পূর্বতে ইয়াৰ কোনো ব্যৱস্থা আইনত নাছিল। কেবল ১২০(বি)ধাৰাৰ অধীনত ইয়াক সামৰি পেলোৱা হৈছিল। কিন্তু আমি ইয়াৰ সলনি সংগঠিত অপৰাধৰ নতুন ব্যাখ্যা অন্তর্ভুক্ত কৰিছো। দ্বিতীয়তে দেশদ্রোহ আৰু তৃতীয়তে সন্ত্রাসবাদৰ নতুন ব্যাখ্যা ইয়াত অন্তর্ভুক্ত কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যি নীতি গ্রহণ কৰিছে, তাৰ অধীনত সন্ত্রাসবাদৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হৈছে। পূৰ্বৰ ৰাজদ্ৰোহৰ যি ধাৰা আছিল, তাৰ সমাপ্তি ঘটাই দেশদ্ৰোহৰ নতুন ধাৰা অনা হৈছে। সেইমতে ৰাজ্য অথবা ব্যক্তিৰ বিষয়ে কোৱাটো অপৰাধ হিচাপে গণ্য নহয়, কিন্তু দেশৰ একতা আৰু অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব পৰাকৈ কোনোধৰণৰ বক্তব্য অপৰাধ হিচাপে গণ্য কৰা হ'ব। সন্ত্রাসবাদ, সংগঠিত অপৰাধ আৰু দেশদ্রোহৰ লগতে নিচাযুক্ত সামগ্ৰীৰ অপৰাধ, মানৱ সৰবৰাহ, অর্থনৈতিক অপৰাধ সন্ত্রাসবাদৰ সৈতে জড়িত ড্রাগছ আদি সকলোবোৰ বিষয় একেলগে সামৰি লোৱা হৈছে।

Q

আইনখনত নতুনকৈ অন্তর্ভুক্ত কৰা 'জিৰ' এজাহাৰ' ব্যৱস্থাটো কি ?

A

আমি নতুনকৈ আইনখনত 'জিৰ' এজাহাৰ' অর্থাৎ 'জিৰ' এফ আই আৰ'ৰো ব্যৱস্থা ৰাখিছো। এই ব্যৱস্থাৰ অধীনত যিকোনো থানাত এজাহাৰ দাখিল কৰিলে সেয়া নিজে নিজে সংশ্লিষ্ট থানালৈ প্রেৰণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত থানাত গৈ এজাহাৰ দাখিল কৰিবলৈ সংকোচবোধ কৰা মহিলাসকলে ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে এজাহাৰ দাখিল কৰিব পাৰিব। জিৰ' এজাহাৰ ব্যৱস্থাৰ জৰিয়তে সেয়া স্বয়ংক্রিয়ভাৱে সংশ্লিষ্ট থানাত পঞ্জীয়ন কৰা হ'ব। ইয়াৰ বাহিৰেও ই-এজাহাৰৰ ব্যৱস্থা ৰখা হৈছে। লগতে এতিয়া পূৰ্বৰ দৰে কাগজত অভিযোগনামা দাখিল কৰিব নালাগে। এতিয়া পেনড্রাইভত অভিযোগনামা দাখিল কৰিব পাৰিব।

Q

সাম্প্রতিক সময়ত চাইবাৰ অপৰাধ এক জটিল বিষয়। অনলাইনযোগে বেংকৰ ধন উলিয়াই নিয়া অপৰাধীক সৰহভাগ সময়তে আৰক্ষীয়ে বিচাৰি উলিওৱাত ব্যর্থ হয়। ফলত ভুক্তভোগীয়ে কষ্টোপার্জিত ধন হেৰুৱাবলগা হয়। এনে অপৰাধ ৰোধ কৰাৰ বাবে আইনে কেনেধৰণে ব্যবস্থা ল'ব ?

A

এই আইনখনৰ পিচত চাইবাৰ অপৰাধৰ তদন্ত, যথেষ্ট উন্নত হ'ব। কাৰণ আইনত এই বিষয়ত নতুন ব্যাখ্যা আগবঢ়োৱা হৈছে আৰু গোচৰৰ যুক্তিসংগত সমাপ্তি ঘটোৱাৰ কেইবাটাও ব্যৱস্থা ৰখা হৈছে। ইয়াৰ ভিতৰত ফৰেনছিকৰ ব্যৱস্থা অন্যতম। তদুপৰি চাইবাৰ অপৰাধৰ বাবে অনলাইন নম্বৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে বেংকৰ ধন আত্মসাতৰ দৰে ঘটনাৰ ক্ষেত্রত অধিক লাভালাভ পাব পৰা যাব। যেনে- বেংকৰ ধন আত্মসাতৰ তথ্য পোবা মাত্রকে সংশ্লিষ্ট একাউণ্টৰ ধন লগে লগে 'ফ্রীজ' কৰিব পৰা যাব। তাৰ পিচত যথাক্রমে তদন্ত আগবঢ়াই নিয়া হ'ব। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে কাৰোবাৰ ক্রেডিট কার্ডৰ ধন হৰলুকীৰ বিষয়ে যদি টোল-ফ্রী নম্বৰত খবৰ দিয়া যায়, তেন্তে উক্ত ধন লগে লগে ফ্রীজ কৰিব পৰা যাব। এতিয়া টকা নি পলাই যায় আৰু পিচত আৰক্ষীয়ে বিচাৰি ফুৰিব লাগে। কিন্তু নতুন ব্যৱস্থাত ইয়াক ছিষ্টেমৰ জৰিয়তে বন্ধ কৰিব পৰা যাব। ইয়াৰ বাবে আৰক্ষীক দিবলগা কাৰিকৰীসহ আন প্রশিক্ষণ পদ্ধতি প্রস্তুত কৰা হৈছে। বহুক্ষেত্ৰত আৰক্ষীৰ দায়ৱদ্ধতা নির্ধাৰণ কৰি দিয়া হৈছে। এতিয়া আৰক্ষীয়ে কাৰোবাক ধৰি আনিলে বহুক্ষেত্রত কেইবাদিনো নিজৰ জিম্মাত ৰাখে। ইয়াৰ ফলত ধৃত ব্যক্তিজনৰ পৰিয়ালে লোকজনক বিচাৰি আদালতত বন্দী প্রত্যক্ষীকৰণ আবেদন কৰিবলগা হয়। কিন্তু এতিয়া প্রতিখন থানাত একোখনকৈ পঞ্জীয়ন বহী ৰাখিব লাগিব। এই বহীখনত থানাত থকা প্রতিজন লোকৰ তথ্য সন্নিবিষ্ট হৈ থাকিব। বহীখন অনলাইনতো উপলব্ধ হ'ব। লগতে ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক আদালতত হাজিৰ কৰাব লাগিব। তদুপৰি আৰক্ষীয়ে যেতিয়া কোনো ব্যক্তিৰ ঘৰত তালাচী চলাবলৈ যাব, তেতিয়া নিৰপেক্ষ সাক্ষী লগত নিয়াৰ লগতে তালাচী প্রক্রিয়াৰ ভিডিঅ' ৰেকর্ডিং কৰিব লাগিব। আৰক্ষীয়ে ৯০ দিনৰ ভিতৰত অভিযুক্তক গোচৰৰ তদন্তৰ স্থিতি জনাব লাগিব। আইনত এই কথাও সন্নিবিষ্ট কৰা হৈছে। আনকি এতিয়া পূৰ্বৰ দৰে কোনো গোচৰ উঠাই ল'ব নোৱাৰিব। গোচৰ উঠাই ল'বলৈ হ'লে অভিযুক্তই আদালতত জবানবন্দি দিয়াটো বাধ্যতামূলক। এই ব্যৱস্থাৰ জৰিয়তে ভুৱা গোচৰ ৰোধ কৰিব পৰা যাব। ভুৱা গোচৰ অথবা অভিযোগ ৰোধ কৰিবলৈ কোনো গোচৰৰ প্ৰাথমিক তদন্তৰো ব্যৱস্থা কৰা হৈছে। প্রাথমিক তদন্তৰ পিচতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব। নতুন আইনত প্রায় ২০টা ধাৰাত আৰক্ষীৰ দায়বদ্ধতা আৰোপ কৰা হৈছে। ইয়াৰ বাবে আৰক্ষীক তিনিধৰণৰ প্রশিক্ষণ দিয়া হ'ব। সেয়া হ'ল কাৰিকৰী প্রশিক্ষণ, ফৰেনছিকৰ প্রশিক্ষণ আৰু আৰক্ষীৰ দায়বদ্ধতাৰ প্রশিক্ষণ। কাৰণ আৰক্ষীক নির্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰতে তেওঁলোকে গোচৰৰ তদন্ত সম্পূর্ণ কৰিব লাগিব। গোচৰ ৰুজু কৰাৰ ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব লাগিব। তাতকৈ বেছি সময় দিয়া নহ'ব। আদালতে অতি বেছি আৰু ৯০ দিনৰ সময় দিব পাৰিব। অর্থাৎ ১৮০ দিনৰ ভিতৰত গোচৰৰ চূড়ান্ত অভিযোগনামা দাখিল কৰিব লাগিব। ১৮১ দিনৰ পৰা গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ হ'ব।

Q

উপযুক্ত সাক্ষী, ফৰেনছিকৰ সঠিক পৰীক্ষা আদি নোহোৱাৰ ফলত বহুক্ষেত্রত অপৰাধী সাৰি যোৱা দেখা যায়। নতুন আইনত ইয়াৰ কি ব্যৱস্থা ৰখা হৈছে ?

A

নতুন আইনত এই বিষয়বোৰ সন্দৰ্ভত বিভিন্ন ব্যৱস্থা ৰখা হৈছে। সেইমতে যিবোৰ অপৰাধৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা সাত বছৰ অথবা তাতোকৈ বেছি, তেনেবোৰ অপৰাধত তদন্তৰ ক্ষেত্রত ফকেনছিক পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। এনে গোচৰৰ ক্ষেত্রত ফৰেনছিক বিষয়াৰ ক্ষেত্রভিত্তিক অনুসন্ধানো বাধ্যতামূলক হ'ব। ইয়াৰ বাবে দেশত ৪ বছৰ পূৰ্বৰে পৰাই ফৰেনছিক বিশ্ববিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। এনে ৯ খন বিশ্ববিদ্যালয়ৰ পৰা বছৰি বহু ফৰেনছিক বিজ্ঞানী ওলাই আহিব পৰা ব্যৱস্থাও কৰা হৈছে। এইক্ষেত্রত ক'ব বিচাৰো যে আইনখন অনাৰ পূর্বে 'নফিছ' (NAFIS) নামৰ এটা ছফ্টৱেৰ প্রস্তুত কৰা হৈছে। দেশত এক কোটিতকৈ অধিক অপৰাধীৰ আঙুলিৰ ছাপ অর্থাৎ ফিংগাৰপ্রিন্ট এই ছফ্টৱেৰত অন্তর্ভুক্ত কৰা হৈছে। আগতে কোনো অপৰাধীক বিচাৰিবলৈ হ'লে আৰক্ষীয়ে অপৰাধ সংঘটিত হোৱা অথবা আন স্থানৰ পৰা আঙুলিৰ ছাপ সংগ্রহ কৰিছিল আৰু বিভিন্ন সন্দেহযুক্ত লোকক আটক কৰি ঘটনাস্থলীৰ আঙুলিৰ ছাপৰ সৈতে সন্দেহযুক্ত লোকৰ আঙুলিৰ ছাপ মিলাব লগা হৈছিল। এতিয়া আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আঙুলিৰ ছাপ সংগ্রহ কৰি সেয়া 'নফিচ্ছ'ত ভৰাই দিলে তাত থকা অপৰাধীৰ আঙুলিৰ ছাপৰ সৈতে নিজে নিজে মিলি যাব আৰু আৰক্ষীয়ে অপৰাধীজনক ধৰি আনিব পাৰিব। ইয়াত গোচৰ প্ৰমাণ কৰিবলৈ কোনোধৰণৰ সাক্ষীৰ প্ৰয়োজন নহ'ব। সাক্ষীৰ অভাৱৰ বাবে আগতে যিবোৰ অপৰাধী সাৰি যাবলৈ সক্ষম হৈছিল, এতিয়া সেইবোৰ অপৰাধীক প্রযুক্তিৰ জৰিয়তে দোষী সাব্যস্ত কৰিব পৰা যাব। প্রযুক্তিৰ সঠিক প্রয়োগে অপৰাধীক আটক কৰাটো সহজ কৰি তুলিব।

Q

বহুক্ষেত্রত সাক্ষীৰ অনুপস্থিতি- অসহযোগিতাৰ বাবে গোচৰৰ তদন্ত আৰু বিচাৰ প্রক্ৰিয়া বছৰ বছৰ ধৰি নিষ্পত্তিহীনভাৱে পৰি ৰয়। তাৰিখৰ পিচত তাৰিখ পাৰ হৈ যায় যদিও গোচৰ আগ নাবাঢ়ে। এই দিশত নতুন আইনত কি ব্যৱস্থা কৰা হৈছে ?

A

সাক্ষীসকলৰ সুৰক্ষাৰ বাবে 'সাক্ষী আৰু ভুক্তভোগী সুৰক্ষা আঁচনি'ৰো ব্যৱস্থা কৰা হৈছে। আইনখন কার্যকৰী হোৱাৰ ৯০ দিনৰ ভিতৰত প্রতিখন ৰাজ্যই এই আঁচনি প্রস্তুত কৰি ইয়াৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। এই ব্যৱস্থাই আইন ব্যৱস্থাত যথেষ্ট পৰিবৰ্তন আনিব। কাৰণ ইয়াৰ দ্বাৰা গোচৰৰ ভুক্তভোগী আৰু সাক্ষী দুয়ো সুৰক্ষা লাভ কৰাটো নিশ্চিত হ'ব আৰু তদন্ত প্রক্রিয়া সোনকালে আগবঢ়াই নিব পৰা যাব। গোচৰৰ সাক্ষী, ফৰেনছিকৰ বিষয়াৰ জবানবন্দি অনলাইনযোগে ল'লে প্রক্রিয়াটো যথেষ্ট সহজ তথা খৰতকীয়া হ'ব। সমগ্র বিষয়টো এনেদৰে ব্যাখ্যা কৰিব পাৰি যে এতিয়া বেংকৰ চেক বাউন্স, চেক জালিয়াতিৰ দৰে অপৰাধৰ ঘটনাৰ বিচাৰৰ আইন আছে। কিন্তু সৰহভাগ গোচৰতে বেংক বিষয়া বিচাৰ অথবা তদন্তৰ বাবে হাজিৰ নহয়। এতিয়া বেংক বিষয়াই নিজৰ কাৰ্যালয়ত বহিয়েই অনলাইনৰ জৰিয়তে নিজৰ সাক্ষ্য দিব পাৰিব। ফলত এনেবোৰ গোচৰ তৎক্ষণাৎ নিষ্পত্তি কৰিব পৰা যাব। আগতে বেংক বিষয়া পুৱা ১০ বজাত আদালতত হাজিৰ হয় যদিও বহু সময়ত দিনটো আদালততে কটাবলগা হয়। কেতিয়াবা গোচৰটো আদালতত নুঠে। বেংকৰ বিষয়াসকলে অযথা হাৰাশাস্তিৰ সম্মুখীন হয়। এতিয়া বেংকৰ বিষয়াজনে নিজৰ কাৰ্যালয়ত কম্পিউটাৰৰ সন্মুখত বহি অনলাইনত নিজৰ জবানবন্দি-সাক্ষ্য প্রদান কৰিব পাৰিব।

Q

স্বাধীনতাৰ পূর্বৰে পৰা দেশত বলবৎ হৈ থকা আইনৰ তুলনাত নতুনকৈ প্রৱর্তন কৰিবলগা আইনত গোচৰৰ বিচাৰ প্রক্রিয়া কেনেধৰণৰ হ'ব ?

A

ব্রিটিছ চৰকাৰে তেওঁলোকৰ শাসন প্রণালীৰ সহায়ক হোৱাকৈ আইন প্রস্তুত কৰিছিল। সেই আইনে দণ্ড অর্থাৎ শাস্তি দিছিল। আমাৰ নতুন ভাৰতীয় আইনে ন্যায় দিব। ইয়াত গণপ্ৰহাৰৰ দৰে ঘটনাত ১০ বছৰ কাৰাদণ্ড, ফাঁচীৰ দৰে শাস্তি ৰখা হৈছে। ইয়াত অভিযুক্ত অনুপস্থিত থকা অৱস্থাতো বিচাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ ব্যৱস্থা ৰখা হৈছে। আগতে ডাউদ ইব্রাহিমে বোমা বিস্ফোৰণ ঘটোকাৰ তথ্য প্রমাণ থকাৰ পিচতো তেওঁৰ বিৰুদ্ধে বিচাৰ নহৈছিল। কাৰণ তেওঁ বিদেশত আছিল। এতিয়া অভিযুক্তৰ অনুপস্থিতিতো বিচাৰৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ বাবে নির্দিষ্ট আদালত নিয়োগ কৰা হ'ব আৰু তাত ইয়াৰ বিচাৰ কৰা হ'ব। অনুপস্থিত অভিযুক্তৰ বাবে এজন অধিবক্তাও নিয়োগ কৰা হ'ব। দোষী সাব্যস্ত হোৱাৰ তিনি বছৰৰ ভিতৰত ব্যক্তিজনে ইয়াৰ বিৰুদ্ধে আবেদন কৰিব পাৰিব। অন্যথা আন্তঃৰাষ্ট্রীয় চুক্তি অনুসৰি বিদেশত থকা এনে দোষী ব্যক্তিক হস্তান্তব কৰাটো বাধ্যতামূলক হ'ব। বিদেশলৈ পলায়ন কৰা সন্ত্রাসবাদী, অর্থনৈতিক অপৰাধী আদিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাতো সহজ হ'ব। তদুপৰি নতুন আইনত দোষী সাব্যস্ত হোবা ব্যক্তিৰ বাবেও অধিবক্তা নিয়োগ কৰা আৰু যুক্তি প্রদর্শনৰ সুবিধা ৰখা হৈছে। আনকি অভিযুক্ত অথবা দোষী ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ তদন্তৰ অগ্রগতিকে ধৰি সকলো তথ্য লাভ কৰিব পাৰিব, এছ এম এছ, হোৱাটছএপ, মেইল আদিকো আইনী ব্যৱস্থাত অন্তর্ভুক্ত কৰা হৈছে। আদালতে এতিয়া এছ এম এছ, হোবাটছএপ অথবা মেইলৰ জৰিয়তে চমন জাৰি কৰিব পাৰিব। ভুক্তভোগী লোকক এজাহাৰৰ প্রতিলিপি দিয়াটো বাধ্যতামূলক কৰা হৈছে। আৰক্ষীয়ে কাৰোবাক আটক অথবা গ্রেপ্তাৰ কৰিলে উক্ত ব্যক্তিজনৰ স্থিতিৰ বিষয়ে জনাব লাগিব।

Q

নতুন আইনখনে অভিযুক্ত অথবা ভুক্তভোগীক কেনেদৰে ন্যায় প্রদান কৰিব ?

A

অভিযুক্ত অথবা ভুক্তভোগীক ন্যায় প্রদানৰ ক্ষেত্রত নতুন আইনত বিশেষ ব্যবস্থা ৰখা হৈছে। ইয়াৰ প্ৰছিকিউচন সঞ্চালকালয়ৰ নতুন প্রতিষ্ঠান তিনিটা স্তৰত স্থাপন কৰা হৈছে। আগতে প্রছিকিউচন সঞ্চালকালয় বাধ্যতামূলক নাছিল। নতুন আইনত ইয়াৰ বাধ্যতামূলক কৰা হৈছে। কোনো ক্ষেত্রত অভিযুক্তই আৰক্ষী, উকীল আৰু আদালত আদি আটাইবোৰ স্থানত উপযুক্ত সহযোগ নাপায়। অথচ উক্ত ব্যক্তিজনৰ ওপৰত সিদ্ধান্ত এই পক্ষসমূহে ল'ব। গতিকে নতুন আইন অনুসৰি নিৰপেক্ষ প্রছিকিউচন সঞ্চালকালয়ৰ ব্যৱস্থা কৰা হৈছে। ইয়াত এজন সঞ্চালকৰ উপৰি এজন উপ- সঞ্চালক আৰু এজন সহকাৰী সঞ্চালক থাকিব। দহ বছৰতকৈ বেছি কাৰাবাসৰ দণ্ড থকা গোচৰৰ আপীলৰ ক্ষেত্রত সঞ্চালক, ৭ৰ পৰা ১০ বছৰ ভিতৰত শান্তিৰ গোচৰৰ ক্ষেত্রত উপ-সঞ্চালক আৰু ৭ বছৰৰ তলৰ শাস্তিৰ গোচৰবোৰৰ আপীলৰ ক্ষেত্রত সহকাৰী সঞ্চালকে সিদ্ধান্ত লব। ইয়াৰ ফলত ন্যায়পালিকাকে ধৰি সমগ্র প্রক্রিয়াটোত থকা দুর্নীতি ৰোধ কৰিব পৰা যাব। কোনো গোচৰৰ বিচাৰ প্রক্রিয়া সঠিক নহ'লে প্ৰছিকিউচন সঞ্চালকালয়ে ইয়াক পুনৰ আবেদনৰ বাবে ব্যৱস্থা গ্রহণ কৰিব পাৰিব। প্রছিকিউচন সঞ্চালকালয়ে আনকি ইয়াৰ বিৰুদ্ধে ব্যবস্থা পর্যন্ত ল'ব পাৰিব। এনে সঞ্চালকসকলক ন্যায়পালিকাৰ পৰা নিয়োগ-কৰা হ'ব। ২০ বছৰতকৈ বেছি ওকালতিৰ অভিজ্ঞতা থকা কোনো অধিবক্তা অথবা প্রথম শ্রেণীৰ দণ্ডাধীশ এনে পদৰ বাবে যোগ্য হ'ব। নিয়োগ প্রক্রিয়া ৰাজ্য চৰকাৰ আৰু উচ্চ ন্যায়ালয়ে তদাৰক কৰিব।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in