ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ উদ্ধাৰ ৷ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটি ৷ বিভাগৰ কলঙ সূঁতিৰ কাষৰ তেলিয়াগাঁৱত থকা আই বিৰ কোঠাত উদ্ধাৰ হৈছে মৃতদেহ ৷ মৃত বিষয়াগৰাকীৰ নাম হৈছে দিলীপ বৰুৱা ৷
বৰুৱা জলসিঞ্চনৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া আছিল ৷ বিষয়াজনক বিভাগৰ কৰ্মচাৰীয়ে কোঠাৰ ভিতৰত বিচনাতে মৃত অৱস্থাত উদ্ধাৰ কৰিছে ৷ এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ কাৰ্যবাহী অভিযন্তাজনৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে ৷ পিছত বৰুৱাক ১০৮ সেৱাৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
আৰু পঢ়ক : গুৱাহাটীৰ ভঙাগড়ত চিকিৎসা বিজ্ঞানৰ ছাত্রীৰ আত্মহত্যা...