অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যনিৰ্বাহক সভা...

অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যনিৰ্বাহক সভা...
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৃতীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, আলোচনা চক্ৰৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান দেওবাৰে জাগীৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মহাসভাৰ সম্পাদক সূৰুয কুমাৰ পাতিৰিয়ে আঁত ধৰা সভাখন আৰম্ভ কৰা হয় তিৱা ভাষাত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে।

অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মহাসভাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। মহাসভাৰ মুখ্য সম্পাদক বিপুল দেউৰীয়ে সভাৰ উদেশ্য ব্যাখ্যা কৰে। মহাসভাৰ ইতিপূৰ্বে ঘোষিত উদেশ্য আৰু কাৰ্যসূচীসমূহক সুসংগঠিত আৰু নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে প্ৰস্তুত কৰা এখন খচৰা সংবিধান এই কাৰ্যনিৰ্বাহকত বিস্তৃতভাৱে আলোচনা কৰাৰ পিছত দুটি সামান্য সংশোধন ঘটাই সৰ্বসন্মতিক্ৰমে খচৰা সংবিধানখন গৃহীত হয়।

মহাসভাৰ এখন বিশেষ সাধাৰণ সভা অহা মাহৰ শেষ ভাগত অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত কাৰ্যনিৰ্বাহক বসন্ত সোনোৱাল আৰু সোনোৱাল কছাৰী সমাজৰ প্ৰতিনিধিবৰ্গই পৰৱৰ্তী সভাখন ডিব্ৰুগড়ত পতা বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰস্তাৱ কৰিছিল। এই কাৰ্যনিৰ্বাহকে পৰৱৰ্তী সাধাৰণ সভাখন ডিব্ৰুগড়ত পতা বাবে অনুমোদন জনায় আৰু এইক্ষেত্ৰত এখন অভ্যৰ্থনা সমিতি গঠন কৰাৰ বাবে বসন্ত সোনোৱালক আৰু মহাসভাৰ উপ সভাপতি ড০ পৱিত্ৰ কুমাৰ পেগুক দায়িত্ব অৰ্পণ কৰে।

উল্লেখযোগ্য যে এই কাৰ্যনিৰ্বাহক সভাৰ পিছত মহাসভাই আয়োজন কৰা "পৰস্পৰে পৰস্পৰক জানো আহক" শীৰ্ষক আলোচনা চক্ৰৰ তৃতীয় অধ্যায় অনুষ্ঠিত কৰে। মহাসভাৰ মুখ্য সম্পাদক বিপুল দেউৰীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰত কাছাৰৰ বৰ্মন কছাৰীসকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্টসমূহৰ ওপৰত বক্তব্য ৰাখে খাৰিগাপচা দিব্যজ্যোতি বৰ্মনে।

ইয়াৰোপৰি অসমৰ গাৰো সকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্টসমূহৰ বিষয়ে বক্তব্য ৰাখে গাৰো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৰোজ চাংমা। অসমৰ কাৰবি সকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্ট সমূহৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰই। আলোচনা চক্ৰত বিশেষ পৰ্যবেক্ষক ৰূপে মহাসভাৰ উপ-সভাপতি ড০পৱিত্ৰ কুমাৰ পেগুৱে এক সুন্দৰ ভাষণ আগবঢ়ায়।

মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে সভাপতিত্ব কৰা এই গুৰুত্বপূৰ্ণ আলোচনা সামৰণি মন্তব্য আগবঢ়ায়। আলোচনা চক্ৰৰ অন্তত অসম সৌৰভ নাদিৰাম দেউৰীৰ পৰিচালনাত এক অতি মনোমোহা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হয়। এই অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ লগতে মহাসভাৰ সদস্য ক্ৰমে জয়মতী নাৰ্জাৰী, পৱিত্ৰ কুমাৰ পেগু, মহানন্দ সোনোৱাল, সূৰুয কুমাৰ পাতিৰি, গোলোক চন্দ্ৰ ব্ৰহ্ম আৰু মঞ্জুমণি কোঁৱৰে নিজ নিজ জনগোষ্ঠীৰ লোকগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যনিৰ্বাহক সভা...
বৰগাঙত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in