মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনকলৈ ভিন্ন প্ৰতিষ্ঠানৰ এগজিট প’ল প্ৰকাশ...

বুধবাৰে ৰাজ্যখনৰ নিৰ্বাচন সমাপ্তি হোৱাৰ কিছু সময় পাছতে বিভিন্ন সংবাদ সংস্থাই প্ৰকাশ কৰিছে একজিট প’ল। পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা এগজিট প’লসমূহ এতিয়া ৰাজনৈতিক মহলত চৰ্চিত হৈছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
exit poll

ডিজিটেল ডেস্ক : বুধবাৰে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ অন্ত পৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। ৰাজ্যখনত এইবাৰ ভোটদানৰ হাৰ সন্তোষজনক নহয়, যদিও পূৰ্বৰ তুলনাত কিছু উন্নত আছিল। নিৰ্বাচন আয়োগৰ সমীক্ষা অনুসৰি ৰাজ্যখনত এইবাৰ ভোটদানৰ হাৰ আছিল ৬৫.০৮ শতাংশ।

বুধবাৰে ৰাজ্যখনৰ নিৰ্বাচন সমাপ্তি হোৱাৰ কিছু সময় পাছতে বিভিন্ন সংবাদ সংস্থাই প্ৰকাশ কৰিছে একজিট প’ল। পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা এগজিট প’লসমূহ এতিয়া ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

এগজিট প’লৰ সমীক্ষা মতে ৰাজ্যখনত বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ। মেট্ৰিজ, টাইমছ নাও, চাণক্য আদিৰ সমীক্ষাত মহাৰাষ্ট্ৰত বিপুল ভোটত জয়ী হ’ব এন ডি এ।

এগজিট প’লে দেখুওৱা সমীক্ষা মতে ৰাজ্যখনৰ মুঠ ২৮৮খন আসনৰ গৰিষ্ঠসংখ্যক আসন লাভ কৰিব এন ডি এ দলে। অৰ্থাৎ সংখ্যাগৰিষ্ঠতাৰ ১৪৫ খন আসনৰ ঊৰ্ধত এন ডি এ লাভ কৰিব আসন।

এই সন্দৰ্ভত চাণক্যৰ সমীক্ষা অনুসৰি ১৫২ৰ পৰা ১৬০ খন আসন লাভ কৰিব এন ডি এ। একেদৰে এম ভি এ লাভ কৰিব ১৩০ৰ পৰা ১৩৮ আসন। বাকী ৬ৰ পৰা ৮খন আসন অন্যান্য দলে পাব বুলি ধাৰণা কৰিছে।

টাইমছ নাওৰ সমীক্ষা এনেধৰণৰ- এন ডি এ লাভ কৰিব ১৫৯খন আসন। বিপৰীতে এম ভি এ লাভ কৰিব ১১৬খন আসন। আন এট প্ৰতিষ্ঠান মেট্ৰিজৰ মতে ১৫০ৰ পৰা ১৭০ খন আসন লাভ কৰিব এন ডি এ আৰু ১১০ৰ পৰা ১৩০ খন আসন লাভ কৰিব এম ভি এ। ০ৰ পৰা ১০খন আসন লাভ কৰিব পাৰে অন্যান্য দলে।

পি মাৰ্কৰ সমীক্ষা অনুসৰি ১৩৭ৰ পৰা ১৫৭ খন আসন লাভ কৰিব পাৰে এন ডি এ। আনহাতে ১২৬ৰ পৰা ১৪৬খন লাভ কৰিব পাৰে এম ভি এ। ২ৰ পৰা ৮খন আসন হয়তো অন্যান্য দলে পাব পাৰে বুলি প্ৰতিষ্ঠানটোৱে অনুমান কৰিছে।

এনেদৰে বহুকেইটা প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনকলৈ চলাইছে সমীক্ষা। প্ৰায় কেইটা প্ৰতিষ্ঠান তথা সংস্থাৰ সমীক্ষাতে এন ডি এৰ দিশে যোগাত্মক ফলাফল দেখুওৱা হৈছে।

maharashtra 2024 election