চিমলাৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ 'ফাগু খেলে কৰুণাময়' তথ্যচিত্র...

চিমলাৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ 'ফাগু খেলে কৰুণাময়' তথ্যচিত্র...
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: বৰপেটাৰ হোলী উৎসৱৰ ভেটিত নির্মিত 'ফাগু খেলে কৰুণাময়' নামৰ তথ্যচিত্ৰখন দশম আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ চিমলালৈ নির্বাচিত হৈছে। আগষ্ট মাহৰ ১৬তাৰিখৰ পৰা ১৮তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। ছবিখনৰ পৰিচালক উৎপল দত্ত আৰু প্রযোজক প্ৰফেচৰ বন্দনা দত্ত।

ছবিখনৰ কেমেৰাৰ কাম দীপজ্যোতি ডেকাৰ, ধাৰাভাষ্য আৰু সংগীত পৰিচালনা তৰালি শৰ্মাৰ আৰু সম্পাদনা ৰক্তিম ৰঞ্জন বসুমতাৰীৰ। ছবিখন নিবেদন কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছছিয়েল চায়েন্স বিভাগে। বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগে অধ্যয়ণৰ অংগ হিচাপে কৰা বিভিন্ন গবেষণামূলক আৰু ক্ষেত্রভিত্তিক অধ্যয়ণৰ অংগ হিচাপে তথ্যৰ ভিডিঅ' ৰেকর্ডিং কৰা ব্যবস্থা আছে।

সেই ব্যৱস্থাক অলপ বহল ৰূপ দি তথ্যচিত্ৰ নিৰ্মাণৰ কাম কৰা হৈছে। বিশ্ববিদ্যালয়খনে ইতিমধ্যে মাজুলীৰ সত্ৰীয়া ওজাপালি, দেৱদাসী নৃত্য, মহিলাই পৰিবেশন কৰা নাম আদি বিষয়ৰ কেইবাখনো তথ্যচিত্র প্রস্তুত কৰিছে।

গৱেষণামূলক এই তথ্যচিত্ৰবোৰ বিশ্ববিদ্যালয়ৰ পুথিভড়ালত সংৰক্ষিত আছে আৰু আগ্রহী দর্শকে চোৱাৰ ব্যবস্থাও ৰখা হৈছে। 'অসমৰ লুপ্ত হৈ যাব ধৰা সাংস্কৃতিক সম্পদবোৰৰ বিষয়ে গৱেষণা কৰি সেইবোৰক অবিকৃত ৰূপত ধৰি ৰাখি সংৰক্ষণ কৰাই এই প্ৰচেষ্টাৰ মূল আদর্শ'- অধ্যাপক বন্দনা দত্তই তথ্যচিত্র নির্মাণৰ উদ্দেশ্যৰ কথা বাখ্যা কৰি এনেদৰে কয়।

চিমলাৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ 'ফাগু খেলে কৰুণাময়' তথ্যচিত্র...
শশী থাৰুৰে বাজেটক আখ্যা দিলে নিম্নমানৰঃ চেঞ্চেক্সতো বিৰূপ প্ৰভাৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in