ব্যৰ্থতাই লগ এৰা নাই ভাৰতীয় ক্ৰিকেট দলক

কাইলৈ ভাৰত-বাংলাদেশ শৃংখলাৰ অন্তিম এদিনীয়া

author-image
Asomiya Pratidin
New Update
ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...

ভাৰতীয় ক্ৰিকেট দল

ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত টি-২০ বিশ্বকাপৰ তিক্ততা পাহৰি সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দল ব্যস্ত বাংলাদেশ ভ্ৰমণত। বাংলাদেশতো পৰাজয়ৰ পুনৰাবৃত্তি ৰোহিত বাহিনীৰ। কালে যেন লগ নেৰা হৈছে ভাৰতীয় ক্ৰিকেট দলটোক।

বি চি চি আইৰ শীৰ্ষ বিষয়াৰ পৰীক্ষা-নিৰীক্ষায়ো কাম দিয়া নাই ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোক। কোনো শৃংখলাত যদি অধিনায়ক ৰোহিত শৰ্মা ,কোনো শৃংখলাত পাণ্ডিয়া বা শিখৰ ধাৱন। একাধিক খেলুৱৈ সাল-সলনিৰেও ব্যৰ্থতাৰ গ্লানিৰ পৰা উদ্ধাৰ হোৱা নাই ভাৰতীয় ক্ৰিকেট দল।

বিশ্বকাপৰ পাছতে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত নিউজিলেণ্ডৰ বিপক্ষে টি-২০ শৃংখলা দখল কৰাৰ পাছতে উক্ত দলটোৰ বিপক্ষে ভাৰতে শিখৰ ধাৱনৰ নেতৃত্বত এদিনীয়া শৃংখলাত পৰাজয় বৰণ কৰে। তাৰ পাছতে পুনৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত বাংলাদেশৰ বিপক্ষে এদিনীয়া আৰু টেষ্ট খেলাৰ উদ্দেশ্যে ভাৰতীয় দলটো উৰা মাৰে বাংলাদেশলৈ।

বাংলাদেশ ভ্ৰমণত ভাৰতে ঘৰুৱা দলটোৰ বিপক্ষে এদিনীয়া শৃংখলা হেৰুৱাই। তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতে দুখন মেচত পৰাজয়বৰণ কৰে। শনিবাৰে হ'বলগীয়া শৃংখলাৰ অন্তিমখন মেচ মাত্ৰ নিয়ম ৰক্ষাৰ। ঘৰুৱা দল বাংলাদেশে ভাৰতৰ বিপক্ষে উক্ত শৃংখলাত ২-০ৰ ব্যৱধানত ইতিমধ্যে এদিনীয়া শৃংখলা দখল কৰিছে। এনেধৰণৰ ধাৰাবাহিক ব্যৰ্থতা দলটোৰ বাবে শুভ লক্ষণ নহয়। কিয়নো সন্মুখত এদিনীয়া বিশ্বকাপ।

আৰু পঢ়কঃ ছাম্বাৰ তালে তালে নাচিবলৈ সাজু ব্ৰাজিল...

cricket bcci team india