ঢকুৱাখনাত ভুৱা প্ৰদূষণ পৰীক্ষা কেন্দ্ৰৰ পয়োভৰ...

চৰকাৰী নীতি নিৰ্দেশনা পদপিষ্ট কৰি ঢকুৱাখনা উপজিলাত গঢ় লৈ উঠিছে ভুৱা প্ৰদূষণ পৰীক্ষা কেন্দ্ৰ । পৰিবহণ বিভাগৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত কিছু পৰীক্ষা কেন্দ্ৰ উপ জিলাখনত স্থাপন কৰাৰ পাছতো অসৎ চক্ৰই চোৰাংভাৱে এই বেহা মুকলিকৈ চলাই আহিছে।

author-image
Asomiya Pratidin
New Update
ভুৱা প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰী নীতি নিৰ্দেশনা পদপিষ্ট কৰি ঢকুৱাখনা উপজিলাত গঢ় লৈ উঠিছে ভুৱা প্ৰদূষণ পৰীক্ষা কেন্দ্ৰ । পৰিবহণ বিভাগৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত কিছু পৰীক্ষা কেন্দ্ৰ উপ জিলাখনত স্থাপন কৰাৰ পাছতো এটা মুনাফালোভী অসৎ চক্ৰই অবৈধ আৰু চোৰাংভাৱে এই বেহা মুকলিকৈ চলাই আহিছে।

জানিব পৰা মতে কোনো ধৰণৰ যান- বাহনৰ বিধিগত পৰীক্ষা সম্পন্ন নকৰাকৈ ,যান বাহনৰ পৰীক্ষণ নকৰি কেৱল ধন দিলেই ঘৰত যোগান ধৰি আহে ভুৱা , বিসংগতিপূৰ্ণ পলিউচনৰ প্ৰমাণ পত্ৰ । ঢকুৱাখনা আৰু ঘিলামৰাৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত সুদীর্ঘ দিন ধৰি এনে অবৈধ চোৰাং বেহা চলাই গ্ৰাহকৰ পৰা লুটি আহিছে চক্ৰটোৱে ।

গ্ৰাহকৰ বিশ্বাসযোগ্যতা আনিবলৈ আৰু সহজলভ্য সেৱা দিবলৈ গুগল মেপত এই চক্ৰটোৱে এনে কেন্দ্ৰৰ স্থান সন্নিবিষ্ট কৰি লৈছে । তাৰোপৰি সামাজিক মাধ্যমযোগে এনে কেন্দ্ৰৰ মুকলি প্ৰচাৰ চলাই গ্ৰাহকক আকৃষ্ট কৰি বক্ৰপথেৰে মুনাফা অর্জন কৰি আহিছে এনেবোৰ ভুৱা কেন্দ্ৰই ।

এই ক্ষেত্ৰত লখিমপুৰ জিলা পৰিবহণ বিভাগৰ একাংশ শীর্ষ বিষয়া জড়িত থকাৰ আশংকা কৰা হৈছে ।  একাংশ গ্ৰাহকে জনোৱা মতে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ শীর্ষ আমোলা বিষয়াক মেনেজ কৰি এনেবোৰ চক্ৰই যান- বাহন উক্ত পৰীক্ষা কেন্দ্ৰলৈ নিনিয়াকৈ কেৱল পঞ্জীয়ন নম্বৰৰ ফটো "ৱাটছআপ"যোগে প্ৰেৰণ কৰি আৰু অতিৰিক্ত মাচুল আদায় দি এই অবৈধ আৰু চোৰাং বেহা চলাই আহিছে ।

পৰিবহন বিভাগৰ জ্ঞাতসাৰেই অব্যাহত থকা এনেবোৰ অবৈধ  কেন্দ্ৰৰ পৰা ভুৱা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি ঢকুৱাখনা, ঘিলামৰাত অসংখ্য যান বাহন চলাচল কৰি আছে । পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়া, এম ভি আই , এনফৰ্চমেণ্ট বিষয়া সকলোৱে এনে চোৰাং বেহাৰ বিষয়ে জ্ঞাত হোৱাৰ বাবেই ৰহস্যজনক কাৰণত ঢকুৱাখনা , ঘিলামৰাত নিয়মীয়া তালাচী কৰিবলৈ আহৰি নাপাই বুলি সচেতন মহলে মুকলি মত প্ৰকাশ কৰিছে ।

ঢকুৱাখনা সমজিলা প্ৰশাসনে এই অবৈধ আৰু ভুৱা প্ৰদূষণ পৰীক্ষা কেন্দ্ৰসমূহ উৎখাত নকৰিলে অৰ্থলোভী চক্ৰটোৰ কৰাল গ্ৰাসত পৰি গ্ৰাহক আৰু বৈধ কেন্দ্ৰ সমূহ সৰ্বশ্ৰান্ত হোৱাটো নিশ্চিত ।

dhakuakhana