Famous Poets of Assam : সাহিত্যৰ ভেটি চহকী কৰি সমাজত অসমীয়াক সুকীয়া পৰিচয় দিয়া অসমীয়া কবিসকল-
ৰঘুনাথ চৌধুৰী
বৰ্তমানৰ নলবাৰী জিলাত ‘বিহগী কবি’ আৰু ‘কবিৰত্ন’খ্যাত ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল ১৮৭৮ চনত।ন মাহ বয়সতে ঘৰৰ পিৰালীৰ পৰা পৰি চিৰদিনৰ বাবে ঘূণীয়া হোৱা কবিজনৰ পিতৃ ভোলানাথ চৌধুৰী আৰু মাতৃ দয়ালতা চৌধুৰী। খুব কম বয়সতে পৰিয়ালৰ সকলো লোককে হেৰুৱাই নিথৰুৱা হৈ পৰা কবিজনৰ জীৱনটো অতি প্ৰত্যাহ্বানপূৰ্ণ।প্ৰথম অসমীয়া আলোচনী জোনাকীত ৰঘুনাথ চৌধুৰীৰ প্ৰথমটো কবিতা ‘মৰমৰ পখী’ প্ৰকাশ পোৱাৰ বিপৰীতে ১৯১০ চনত তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘সাদৰী’ প্ৰকাশ পাইছিল। ‘কেতেকী’, ‘কাৰবালা’ , ‘দহিকতৰা’ আৰু ‘নৱমল্লিকা’ তেওঁৰ কাব্যপুথি।আনহাতে, ‘মন বৰাগী’ নামৰ কাব্য সংকলনত তেওঁৰ কিছু কবিতা মৰণোত্তৰভাৱে সংকলিত কৰা হৈছিল।স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি কাৰাবাস খটা এই মহান কবিজনৰ ১৯৬৭ চনৰ ১৮ নবেম্বৰত মৃত্যু হয়।
হীৰেন ভট্টাচাৰ্য
কবি-গীতিকাৰ হীৰেন ভট্টাচাৰ্য সকলোৰে মাজত ‘হীৰুদা’ বুলিয়েই পৰিচিত। ‘সুগন্ধী পখিলাৰ কবি’ আৰু ‘প্ৰেম আৰু ৰ’দালিৰ কবি’ বুলিও তেওঁৰ আছে আন এক পৰিচয়। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত তেওঁৰ জন্ম হয়।তেওঁৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য।তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’, ‘বিভিন্ন দিনৰ কবিতা’, ‘কবিতাৰ ৰ'দ’, ‘সুগন্ধি পখিলা’, ‘শইচৰ পথাৰ মানুহ’, ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’ আৰু ‘কেইটামান গান’ হৈছে তেওঁৰ অসমীয়া ভাষাত প্ৰকাশিত কাব্য সংকলন। বঙালী ভাষাত প্ৰকাশিত তেওঁৰ দুখন কাব্য সংকলন হৈছে ‘জোনাকী মন ও অন্যান্য’ আৰু ‘শস্যেৰ মাঠ ও অন্যান্য’।শিশুপ্ৰিয় হীৰুদায়ে শিশুৰ বাবে লেখা সংকলন হৈছে ‘ল'ৰা ধেমালি’, ‘আকৌ ধেমালি’ আৰু ‘ৰৈ ৰৈ ধেমালি’।তেওঁ বহুকেইখন বাতৰি কাকতৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, ৰঘুনাথ চৌধুৰী বঁটা, বিষ্ণুৰাভা বঁটাকে বহুকেইটা বঁটাৰে সন্মানিত হৈছে।২০১২ চনৰ ৮ জুলাইত গুৱাহাটীস্থিত বাসগৃহত হীৰুদাৰ মৃত্যু হয়।
আনন্দ চন্দ্ৰ বৰুৱা
‘বকুল বন’ৰ কবি খ্যাত আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম ১৯০৭ চনৰ ৩১ ডিচেম্বৰত।তেওঁৰ পিতৃৰ নাম প্ৰেমধৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰানী দেৱী।১৯৬৯ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন দখল কৰা এইগৰাকী কবি ‘অসমীয়া’ আৰু ‘বাতৰি’ নামৰ দুখন বাতৰি কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল। ‘পুথি-পৰাগ’, ‘পুস্পক’, ‘ৰঞ্জন ৰশ্মি’, ‘সেই নিমাতি পুৱাৰে পৰা’, ‘বকুল বনৰ কবিতা’ আৰু ‘পাপৰিৰ পৰিমল’ হৈছে আনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰকাশিত কাব্য পুথি।পদ্মশ্ৰী আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক এই বিশিষ্ট কবিজনৰ ১৯৮৩ চনৰ ২৭ জানুৱাৰীত পৰলোক ঘটে।
নলিনীৱালা দেৱী
অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি নলিনীৱালা দেৱীৰ জন্ম ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটা জিলাত।তেওঁৰ পিতৃৰ নাম কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰী। সেই সময়ত মহিলাসকলে স্কুলীয়া শিক্ষা লাভৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ নকৰাত তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল যদিও অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিছিল। ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘স্মৃতিতীৰ্থ’, ‘পৰশমণি’, ‘যুগদেৱতা’, ‘জাগৃতি’, ‘অলকানন্দা’, ‘বিশ্বদীপ’ আৰু ‘অন্তিম সুৰ’ তেওঁৰ প্ৰকাশিত কাব্য পুথি। কাব্য পুথিৰ লগতে তেওঁ বহুকেইখন জীৱনীমূলক গ্ৰন্থ তথা প্ৰবন্ধ পুথি লিখি থৈ গৈছে।ভাৰত চৰকাৰৰ পদ্মশ্ৰী, সাহিত্য বৃত্তি, অসম চৰকাৰৰ সাহিত্য পেঞ্চন তথা সাহিত্য অকাডেমী বঁটাৰো গৰাকী নলিনীৱালা দেৱী। এই কবিগৰাকীৰ নামেৰে গুৱাহাটীৰ কটন কলেজৰ এটা ছোৱালী হোষ্টেলৰ নামকৰণ কৰা হৈছে। ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত নলিনীৱালা দেৱীয়ে অন্তিম নিশ্বাস ত্যাগ কৰে।
পাৰ্বতী প্ৰসাদ বৰুৱা
অসমৰ সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ অন্যতম এজন গুৰিধৰোঁতা পাৰ্বতী প্ৰসাদ বৰুৱা। ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰত তেওঁৰ জন্ম হয়। সাহিত্যক, কবি,গীতিকাৰ আৰু ছবি নিৰ্মাতা পাৰ্বতী প্ৰসাদ বৰুৱাৰ পিতৃৰ নাম ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম হিমলা বৰুৱা।চতুৰ্থখন অসমীয়া ছবি ‘ৰুপহী’ পাৰ্বতী প্ৰসাদ বৰুৱাই পৰিচালনা কৰিছিল। ‘গীতিকবি’খ্যাত এইগৰাকী কবিৰ কবিতা পুথিখনৰ নাম ‘ভঙা টোকাৰীৰ সুৰ’। ‘গুণগুণনী’, ‘লুইতি’, ‘শুকুলা ডাৱৰ অই কহুৱা ফুল’, ‘লখিমী’, ‘ছ’নাৰ ছলেং’ হৈছে তেওঁৰ গীত আৰু নাটকৰ সংকলন।১৯৬৪ চনৰ ৭ জুনত এই গৰাকী কবিৰ মৃত্যু হয়।
নীলমণি ফুকন
ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকনৰ জন্ম ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত। ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘নিৰ্জনতাৰ শব্দ’,’আৰু কি নৈঃশব্দ্য’, ‘জাপানী কবিতা’, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’, ‘কাঁইট গোলাপ আৰু কাঁইট’, ‘গোলাপী জামুৰ লগ্ন’, ‘কবিতা’, ‘গাৰ্থিয়া লৰ্কাৰ কবিতা’, ‘নৃত্যৰতা পৃথিৱী’, ‘সাগৰতলিৰ শংখ’, ‘চীনা কবিতা’, ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’ আছিলো হৈছে এইগৰাকী কবিৰ কবিতাপুথি।অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্ঞানপীঠৰ লগতে পদ্মশ্ৰী, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটাকে ধৰি বহু সন্মান লাভ কৰা কবিজনে ১৭ বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।