স্মাৰ্ট মিটাৰ বন্ধ কৰকঃ তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ...

স্মাৰ্ট মিটাৰ বন্ধ কৰকঃ  তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ।স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।তিতাবৰৰ অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।

স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক মাচুল বৃদ্ধি কৰি জনসাধাৰণক শোষণ কৰা অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে তীব্ৰ তিতাবৰ ষ্টেচনৰ পৰা সমদল কৰি প্ৰতিবাদকৰি সকল উপস্থিত হয় তিতাবৰৰ ন আলীত থকা অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয়ত।

প্ৰতিবাদকৰী সকলে কাৰ্যালয় ঘেৰাও কৰি ১৫ দিনৰ ভিতৰত স্মাৰ্ট বিপৰীতে পূৰ্বৰ মেনুৱেল মিটাৰ লগাবলৈ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in