পাথৰিঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কৃষক ছহীদ দিৱস

পাথৰিঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কৃষক ছহীদ দিৱস। অহা ২৮ জানুৱাৰীত পাথৰিঘাটত অনুষ্ঠিত হ'বলগীয়া

author-image
Asomiya Pratidin
New Update
পাথৰিঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কৃষক ছহীদ দিৱস

পাথৰিঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কৃষক ছহীদ দিৱস

ডিজিটেল সংবাদ,‌মঙলদৈঃ পাথৰিঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কৃষক ছহীদ দিৱস। অহা ২৮ জানুৱাৰীত পাথৰিঘাটত অনুষ্ঠিত হ'বলগীয়া দৰঙৰ জালিয়ানৱালাবাগ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসৰ অনুস্থান সম্পৰ্কে শনিবাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অসমৰ কৃষি ভূমিত ব্ৰিটিছৰ ৰাজহ বৃদ্ধিৰ বিৰুদ্ধে ১৮৯৪ চনত হোৱা কৃষক বিদ্ৰোহে মাথো অসমতেই নহয় বৰঞ্চ সমগ্ৰ ভাৰতৰ সেই সময়ৰ সামগ্ৰিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ন ভুমিকা পালন কৰিছিল। পাথৰিঘাটৰ এই ঐতিহাসিক কৃষক বিদ্ৰোহত প্ৰায় ১৪০ গৰাকী কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি মৃত্যুক আকোঁৱালি লৈছিল।

কৃষক বিদ্ৰোহৰ এই ঐতিহাসিক দিনটো বিগত বছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ বিষয়ে উল্লেখ কৰে জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 'কৃষক ছহীদ দিৱস'টিত পুৱাৰ ভাগত সৰ্বধৰ্ম সভাৰ লগতে স্বাস্থ্য শিবিৰ, পেন্সনাৰসকলৰ মাজত সজাগতা সভাৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হোৱাৰ বিষয়ে অৱগত কৰে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।

সৈন্য বাহিনীৰ ফালৰ পৰাও এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসুচী হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে। পাথৰিঘাটৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা বৈঠকখনত বিভাগসমূহৰ মুৰব্বীৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।

আৰু পঢ়কঃ ভাল খবৰ, গঠন হ'ল দৰং জিলা হেণ্ডবল সন্থা

assam mangaldai dr paramananda rajbongshi