কাণ নহয়, ট্ৰাম্পৰ মূৰলৈ লক্ষ্য কৰি গুলীয়াইছিল দুৰ্বৃত্তইঃ FBIৰ এই তথ্য...

কাণ নহয়, ট্ৰাম্পৰ মূৰলৈ লক্ষ্য কৰি গুলীয়াইছিল দুৰ্বৃত্তইঃ FBIৰ এই তথ্য...

author-image
Asomiya Pratidin
New Update
কাণ নহয়, ট্ৰাম্পৰ মূৰলৈ লক্ষ্য কৰি গুলীয়াইছিল দুৰ্বৃত্তইঃ  FBIৰ এই তথ্য...

ডিজিটেল ডেস্কঃ পেনচিলভেনিয়াত এখন নিৰ্বাচনী সভাত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণক লৈ দেশখনৰ তদন্তকাৰী সংস্থা এফ বি আয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এফ বি আয়ে সদৰি কৰিছে, ট্ৰাম্পক প্ৰাণে মাৰৰ পৰিকল্পনা ৰচিয়েই এই গুলীচালনা হৈছিল। কিন্তু শ্বুটাৰৰ লক্ষ্য কিচু হেৰফেৰ হোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ।

আমেৰিকান সময় অনুসৰি, এই ঘটনা যোৱা শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০বজাত সংঘটিত হৈছিল। এফ বি আয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ সৈতে জড়িত চক্ৰটো অচিৰেই জালত পৰিব বুলি আশ্বাস প্ৰদান কৰে এফ বি আয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, নৱেম্বৰ মাহত ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হ’বলগীয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ইতিমধ্যে অশান্তি আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। তাৰ মাজতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে।

ড’নাল্ড ট্ৰাম্প