Festivals of Assam: বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম। অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে।
অসমত পালন কৰা এনে কিছুমান মূল উৎসৱ হৈছে-
Festivals of Assam: অসমীয়াৰ মূল উৎসৱসমূহ
বিহু
বিহু অসমীয়াৰ জাতীয় উৎসৱ। অসমীয়া জাতীয় জীৱনৰ প্ৰাণ-স্পন্দন স্বৰূপ বিহুটিয়েই অসমৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়৷অসমত প্ৰধানত তিনিটা বিহু ক্ৰমে ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়।চ’ত মাহৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু,নাঙলৰ বিহু, চেনেহী বা জীয়ৰী আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহুৰ সাত বিহুৰ অন্ত পৰে।আনহাতে, আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।এই বিহুত ঘৰে ঘৰে তুলসীৰ পুলি ৰূই তাৰ তলত আৰু পথাৰত চাকি জ্বলাই শস্য শ্যামলা হ’বলৈ প্ৰাৰ্থনা কৰা হয়।পুহ আৰু মাঘৰ দোমাহীৰ দিনা মাঘ বিহু পতা হয়। খেতি চপোৱাৰ পাছতে এই বিহু পালন কৰা হয় বাবেই ইয়াক ভোগৰ উৎসৱ ভোগালী বুলিও কোৱা হয়।
অম্বুবাচী মেলা
গুৱাহাটীত অৱস্থিত দেশৰ অন্যতম শক্তিপীঠ কামাখ্যা দেৱালয়ত প্ৰতি বছৰেই অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়।দেশৰ ভিন্ন প্ৰান্তৰ অগনণ সাধু-সন্যাসীয়ে ভিৰ কৰা এই মেলা মূলত এক হিন্দু সমাৱেশ। এই মেলা অসমীয়া আহাৰ মাহ অৰ্থাৎ ইংৰাজী জুন মাহত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয়।অসমীয়া লোকসকলে অম্বুবাচীৰ এই সময়ছোৱাক ‘সাত লগা’ বুলিও কয়।জনমত অনুসৰি, এই কেইদিনত মা কামাখ্যা ঋতুময়ী হয়, সমগ্ৰ পৃথিৱীৰ ‘চূৱা’ লাগে।সেয়ে ভক্তসকলে এইকেইটা দিনত বহু নিয়ম-নীতি মানি চলে।অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। সেইকেইদিন দেৱীৰ দৰ্শন নিষিদ্ধ ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে ভক্তই দেৱীক দৰ্শন কৰিব পাৰে ৷
ৰংকেৰ উৎসৱ
এই উৎসৱ কাৰ্বি জনজাতীৰ মূল উৎসৱ। অসমৰ কাৰ্বি লোকসকলে শীতকালত এই উৎসৱ পালন কৰে।এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল বুলিও জনা যায়।কাৰ্বি জনবিশ্বাস আৰু লোকাচাৰৰ সৈতে জড়িত স্থানীয় দেৱ-দেৱী আৰু প্ৰেতগণক সন্তুস্ত কৰাই হৈছে এই উৎসৱ পালনৰ মুখ্য উদ্দেশ্য।ৰংকেৰ উৎসৱ উদযাপনৰ কোনো ধৰাবন্ধা তাৰিখ বা সময় নাথাকে যদিও কাৰ্বি সংস্কৃতিৰ জড়িত বৰ্ষপঞ্জীৰ নৱবৰ্ষৰ আৰম্ভনিতে পালন কৰা হয়। কাৰ্বি নৱবৰ্ষৰ থাং থাং মাহ ৰোমান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী মাহত পৰে।গাঁওবাসীৰ সময় সুবিধাৰ্থে ভিন ভিন গাৱঁত এই উৎসৱ ভিন ভিন সময়ত পালন কৰা হয় ।
বৈশাগু
বৈশাগু হৈছে বড়ো জনগোষ্ঠীৰ উৎসৱ।বৈশাগু হৈছে নৱৰ্বষৰ আৰম্ভণি।এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা ব’হাগ মাহৰ ষষ্ঠদিনালৈ মুঠ সাতদিন ধৰি পালন কৰা হয়। বৈশাগু ব’হাগ বিহুৰ সৈতে যথেষ্ট মিল আছে।সঙ্গীত আৰু নৃত্যও বৈশাগুৰ অভিন্ন অঙ্গ। ডেকাসকলে চিফুং (বাঁহী), খাম (ঢোল), চেৰেন্দা, থোৰকা (টকা) বজায় আৰু গাভৰুসকলে সমূহীয়াকৈ বৈশাগু নাচে।
বাৰেচহৰীয়া ভাওনা
প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত কৰা হয়। বাৰেচহৰীয়া ভাওনা কেৱল জামুগুৰিহাট বা জিলাখনৰে নহয়, সমগ্ৰ উত্তৰপূৱ তথা ভাৰতৰ ভিতৰতে এক অনন্য সংস্কৃতি।‘বাৰে’ মানে বহু, ‘চহৰ’ মানে গাঁও বা অঞ্চল। অর্থাৎ বহু গাঁও লগ লাগি একে ঠাইতে পতা ভাওনা। বাৰেচহৰীয়া ভাওনাথলীত হৰিনাম, খোল-তাল-ডবাৰ শব্দত তিনি-চাৰি দিন আকাশ-বতাহ মুখৰিত হৈ থাকে। জাতি-ধর্ম, বর্ণ-ভাষা নিৰ্বিশেষে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ মহামিলনৰ তীৰ্থত পৰিণত হয় জামুগুৰিহাট। প্রায় ১৫-১৬ একৰ মাটি জুৰি সজা এখন সুবৃহৎ পদুম ফুলৰ আকৃতিৰ মণ্ডপৰ তলত অঞ্চলটোৰ ৫০-৫৫খন গাঁও বা ২০-২৫ টা ‘খেল’ৰ ৰাইজে একেলগে ভাওনা কৰে।এই ভাওনাত লক্ষাধিক ভক্তৰ সমাগম হয়।উল্লেখ্য, আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে অৰ্থাৎ জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে।
জোনবিল মেলা
মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা উত্তৰে অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল।মাঘ বিহুৰ পিছৰ সপ্তাহত এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাক জোনবিল মেলা নামেৰে জনা যায়।এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।
ৰাসোৎসৱ
ৰাস এটি ধৰ্মীয় উৎসৱ।ৰাস উৎসৱত ভগৱান শ্ৰী কৃষ্ণৰ জীৱনক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ বিভিন্ন সত্ৰলৈ ঘটে।শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ।ইফালে, নামনি অসমৰ বৰপেটা, নলবাৰী, টিহু, পলাশবাৰী, শুৱালকুছিৰ লগতে বহু ঠাইত ৰাস পালন কৰা হয়।কিন্তু উজনি অসমৰ দৰে নামনি অসমৰ ৰাস অভিনয়কেন্দ্ৰিক নহয়। নামনি অসমৰ ৰাস মূৰ্তিকেন্দ্ৰিক।