বিশ্বকাপ ফুটবলঃ আজি ছুইজাৰলেণ্ডৰ বিপক্ষে কেমেৰুন...

ইউৰো চেম্পিয়ন ইটালীক অতিক্ৰম কৰি কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে

author-image
Asomiya Pratidin
New Update
বিশ্বকাপ ফুটবলঃ আজি ছুইজাৰলেণ্ডৰ বিপক্ষে কেমেৰুন...

ছুইজাৰলেণ্ডৰ বিপক্ষে কেমেৰুন

ডিজিটেল ডেস্কঃ সম্প্ৰতি বিশ্বৰ ফুটবল অনুৰাগী ফুটবল জ্বৰত আক্ৰান্ত। কিয়নো মৰুৰ দেশত চলিছে বিশ্ব ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বিশ্বকাপ ফুটবল। বিশ্বৰ ৩২ খন দেশৰ মাজত বিশ্বকাপ জয়ৰ মৰপণ যুজঁ।

উক্ত প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে এখন মেচত অংশগ্ৰহণ কৰিব ছুইজাৰলেণ্ড আৰু কেমেৰুনে। উল্লেখ্য যে, ছুইজাৰলেণ্ডে বিশ্বকাপৰ যোগ্যতা পৰ্বৰ মেচত ইউৰো চেম্পিয়ন ইটালীক অতিক্ৰম কৰি কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে।

সেই অনুসৰি আজিৰ খেলত দলটোক কেমেৰুনে সহজভাৱে ল'লে নহ'ব। কিয়নো ছুইজাৰলেণ্ড দলত আছে জৰ্ডান ছাকিৰিৰ দৰে খেলুৱৈ।

আৰু পঢ়কঃ ৰোহিত-বিৰাট বিহীন ভাৰতে শিখৰ ধৱনৰ নেতৃত্বত খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া...

qatar world cup fifa world cup 2022