কাটাৰ বিশ্বকাপঃ ৰোণাল্ডোৰ পৰ্তুগালৰ সন্মুখত দক্ষিণ কোৰিয়া

আজিয়েই উক্ত গ্ৰুপৰ আন দুটা দল ঘানা আৰু উৰুগুৱেও আনখন মেচত অৱতীৰ্ণ হ'ব।

author-image
Asomiya Pratidin
New Update
কাটাৰ বিশ্বকাপঃ ৰোণাল্ডোৰ পৰ্তুগালৰ সন্মুখত দক্ষিণ কোৰিয়া

কাটাৰ বিশ্বকাপ

ডিজিটেল ডেস্কঃ ফুটবল মানেই উন্মাদনা,উৎকণ্ঠা। দৰ্শক-অনুৰাগীৰ মনত পাৰভগা উছাহ। সেয়া লাগিলে ক্লাৱ পৰ্যায়ৰ খেলেই হওঁক কিম্বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাই হওঁক মুঠৰ ওপৰত অনুৰাগীৰ মনত উৎসুকতা আৰু উন্মাদনা। তাতে আকৌ কাটাৰত অনুষ্ঠিত হৈছে বিশ্বকাপ ফুটবল। গতিকে তেনেস্থলত অনুৰাগীৰ আনন্দ-উন্মাদনা কি পৰ্যায়ৰ হ'ব পাৰে সেয়া নিশ্চয় অনুমেয়।

ৰোণাল্ডো
ৰোণাল্ডো

বিশ্বকাপত শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচত অংশ ল'ব ফুটবল তাৰকা ৰোণাল্ডোৰ পৰ্তুগাল আৰু এছিয় দেশ দক্ষিণ কোৰিয়াই। ইতিমধ্যে দুয়োখন দেশে দুখনকৈ মেচ খেলি গ্ৰুপ তালিকাৰ শীৰ্ষস্থানত আছে পৰ্তুগাল। ৰোণাল্ডোৰ দেশখনে দুখন মেচৰ দুয়োখনতে জয়লাভ কৰাৰ বিপৰিতে দক্ষিণ কোৰিয়াই এখন ড্ৰ আৰু আনখন মেচত পৰাজয়বৰণ কৰি মাত্ৰ ১পইণ্টৰে তালিকাৰ তৃতীয়স্থানত আছে।

উল্লেখ্য যে, আজিয়েই উক্ত গ্ৰুপৰ আন দুটা দল ঘানা আৰু উৰুগুৱেও আনখন মেচত অৱতীৰ্ণ হ'ব। তালিকাত দল দুটাৰ স্থান ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ। গ্ৰুপৰ প্ৰতিটো দলে ইতিমধ্যে দুখনকৈ মেচ খেলিছে। ঘানাই এখন মেচত জয় আনখনত পৰাজয় আৰু উৰুগুৱে এখন ড্ৰ খেলাৰ বিপৰিতে আনখনত পৰাজয়বৰণ কৰিছে। পৰিসংখ্যাৰ দিশৰ পৰা দুয়োখন খেলৰ এখনত পৰ্তুগাল আনখনত ঘানা ফেভাৰিট বুলিব পাৰি।

আৰু পঢ়কঃ গোৱালপাৰাত এইডছ দিৱস উপলক্ষে শিক্ষকৰ বাটৰ নাট...

fifa world cup 2022 qatar world cup