ডিজিটেল ডেস্কঃ নিত্য, নতুন আঁচনিৰে চমক দিয়া ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থাক লৈ প্ৰশ্ন উত্থাপন হোৱাতো কোনো নতুন কথা নহয়। আঁচনিৰ পিছত আঁচনি তৈয়াৰ কৰি হিতাধিকাৰী সৃষ্টিত মনোনিৱেশ কৰা ৰাজ্য চৰকাৰে ঋণ লোৱাত পিছ পৰি থকা নাই।
বিভিন্ন ধৰণৰ বিনামূলীয়া আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰা ৰাজ্য চৰকাৰে যিমানেই চমক সৃষ্টি নকৰক কিয়, ৰাজ্যখন যে অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ পৰিছে সেই কথাৰ প্ৰমাণ ইতিমধ্যে পোৱা হৈছে। দেশৰ ৫ ন দৰিদ্ৰ ৰাজ্যৰ অন্যতম এখন অসম।
তাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিবলৈ বাদ দিয়া নাই। বৰঞ্চ অৰুণোদয় ২.০ ৰ দৰে আঁচনি পুনৰ আৰম্ভ কৰি লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে।
ৰাজ্য চৰাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ মাজতে আজি অসম বিধানসবাৰ শীতকালীন অধিৱেশনৰ মাজতে বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য। বিধায়ক অখিল গগৈৰ মতে ৰাজ্য চৰকাৰে ২০২২ বৰ্ষত এই পৰ্যন্ত ঋণ লৈছে ১০ হাজাৰ ২০০ কোটি টকা ঋণ লৈছে। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ২৭ হাজাৰ ১৫৬ কোটি টকালৈ বৃদ্ধি পাইছে।
আনহাতে ৰাজ্যৰ বিত্তবিভাগে এই পৰ্যন্ত মুকলাই দিয়া নাই বিধায়ক পুঁজি। যাৰ বাবে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত বিপদত পৰিছে বিধায়কসকল। সমষ্টি উন্নয়নৰ ধন মুকলাই নিদিয়াৰ বাবে বিৰোধী বিধায়কসকল অধিক বিপদত পৰিছে বুলিও প্ৰকাশ পাইছে। একেদৰে চৰকাৰে মুকলাই দিয়া নাই সুহৃদ আঁচনিৰ ধনো।
মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই পৰ্যন্ত পৰিশোধ কৰিব পৰা নাই মহিলাসকলৰ ঋণ। যাৰ বাবে ঋণ লোৱা মহিলাৰ নামত জাৰি নৈছে জাননী।
ক্লিক কৰি পঢ়কঃ 'আজি বিধানসভাৰ প্ৰথম দিনাই, প্ৰথম প্ৰশ্নতে মোক বহিষ্কাৰ কৰা হৈছে'