তিতাবৰত বিত্তীয় সাক্ষৰতাৰ সজাগতা সভা

তিতাবৰত বিত্তীয় সাক্ষৰতাৰ সজাগতা সভা

author-image
Asomiya Pratidin
New Update
তিতাবৰত বিত্তীয় সাক্ষৰতাৰ সজাগতা সভা

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ লীলাকান্ত বৰুৱা খেল ভৱনত শনিবাৰে ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেচনৰ উদ্যোগত মই প্ৰগতি আঁচনিৰ অধীনত বিত্তীয় সাক্ষৰতাৰ সজাগতা সভা অনুষ্ঠিত হয়। মুখ্যতঃ গ্ৰাম্য মহিলাসকলক অৰ্থনৈতিক সবলীকৰণ আৰু আত্মনিৰ্ভশীল কৰিবলৈ আয়োজন কৰা বিত্তীয় সাক্ষৰতা সজাগতা সভাখনিত জীৱিকা সখীসকলে পৰিৱেশন কৰা ৰাভা সংগীতেৰে আৰম্ভণি হয়।

আনহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তিতাবৰ ব্লকৰ ক্ষেত্ৰ পৰিচালক নৱনীতা দত্তই। ইয়াৰ পিছত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ অন্তৰ্গত "মই প্ৰগতি" আঁচনি আৰু বিত্তীয় সাক্ষৰতাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ ক্ষেত্ৰ প্ৰৱন্ধক মুস্তাফা আহমেদে কয়- আজিৰ বিত্তীয় সাক্ষৰতাৰ সজাগতা সভাখন তিতাবৰ উন্নয়ন খণ্ডৰ জীৱিকা সংখীসকল আৰু বিভিন্ন ক্ষেত্ৰৰ ষ্টেকহল্ডাৰ সৈতে যোগসূত্ৰ স্থাপন কৰা। যাতে মই প্ৰগতি আঁচনিৰ জৰিয়তে গাঁৱৰ দুখীয়া মহিলাসকলক বিভিন্ন দিশত স্বাভলম্বী কৰি তোলা। ক্ৰিছিল ফাউণ্ডেচনে ২০২৩ চনত উজনি অসমৰ ৪খন জিলাক সামৰি মই প্ৰগতি আঁচনি ৰূপায়ণ কৰি থকা হৈছে।

তেওঁ আৰু কয় যে বিত্তীয় লেনদনৰ ক্ষেত্ৰত যাতে আমাৰ মহিলাসকল অনলাইন প্ৰবঞ্চনাৰ বলি নহয় তাৰ প্ৰতি সজাগ সচেতন হব লাগিব। তেওঁ তিতাবৰ উন্নয়ন খণ্ডৰ সখীসকলৰ সহযোগত এই আঁচনিত অন্তৰ্ভুক্ত সখীসকলক বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত চিনাকী কৰাই দিয়াৰ লগতে বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰাই নিজৰ লগতে অঞ্চলৰ লোকসকলকো আগবঢ়াই নিবলৈ আহ্বান জনায়।

সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হস্ততাঁত বস্ত্ৰ শিল্পৰ অজন্তা বৰাই কয়,স্বাভিমান নাথাকিলে আত্মনিৰ্ভশীল হব নোৱাৰি গতিকে আমাৰ মহিলাসকলে আত্মনিৰ্ভশীল আৰু স্বাৱলম্বী হবলৈ শিকক। আনহাতে বিত্তীয় সাক্ষৰতাৰ সভাত ,এছ বি আই লাইফৰ শাখা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি মহন্ত,অৰুণোদয় কেন্দ্ৰৰ ৰঞ্জিত হাজৰিকা, দ্বীপজ্যোতি চাংমাই,ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ মণিকংকনা দাস আৰু বনশ্ৰী বৰদলৈ, সাংবাদিক মণ্টুচ কোঁৱৰ,নৱনীতা দত্ত উপস্থিত থাকি বক্তব্য দাঙি ধৰে। সভাত বিভিন্ন পঞ্চায়তৰ প্ৰায় ৭০গৰাকী সখী উপস্থিত থাকে।

উল্লেখযোগ্য যে ২০১৩ চনৰ মাৰ্চ মাহত স্থাপন কৰা ক্ৰিছিল ফাউণ্ডেশ্যনে কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ ১৪ খন জিলাত মই প্ৰগতি কাৰ্যসূচীৰ অধীনত বিত্তীয় সাক্ষৰতা আৰু অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা, ডিজিটেল বিত্তীয় সাক্ষৰতা আৰু মঞ্চসমূহক প্ৰসাৰ কৰা, সম্প্ৰদায় পৰ্যায়ৰ সংগঠনসমূহক শক্তিশালী কৰা', গ্ৰাম্য জীৱিকা আৰু ক্ষুদ্ৰ উদ্যোগক প্ৰসাৰ কৰা, নতুন আঁচনি আৰু সেৱা চিনাক্ত কৰি সমাজৰ মাজত প্ৰচাৰ কৰা , সমাজত সজাগতা সৃষ্টি কৰা, অংশীদাৰ আৰু সম্প্ৰদায়ক সংগঠিত কৰি শিবিৰ আয়োজন কৰা, নতুন সাখী চিনাক্ত কৰি প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

Also Read: অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…

titabar