ডিজিটেল ডেস্কঃ ১৪৪ ধাৰা উলংঘন কৰাৰ অপৰাধত ১০ গৰাকীকৈ ছাত্ৰীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে কৰ্ণাটক আৰক্ষীয়ে। ৰাজ্যখনত চলি থকা হিজাব বিতৰ্কৰ মাজতে এইদৰে ১০ গৰাকীকৈ ছাত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, কৰ্ণাটকৰ নতুন ইউনিফৰ্ম আইন অনুসৰি ৰাজ্যখনৰ শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাটো নিষিদ্ধ কৰা হৈছে।
গোচৰ পঞ্জীয়ন কৰা ১০ গৰাকী ছাত্ৰীয়েই ১৭ ফেব্ৰুৱাৰীত টুমকুৰৰ ছোৱালী সম্ৰাজ্ঞী চৰকাৰী পি ইউ মহাবিদ্যালয়ৰ বাহিৰত হিজাব নিয়মৰ বিৰুদ্ধে প্ৰতিবাদা সাব্যস্ত কৰিছিল। কিন্তু ৰাজ্যখনত ১৪৪ ধাৰা জাৰি হৈ থকাৰ বাবে এই প্ৰতিবাদৰ জৰিয়তে সেই ধাৰা ভংগ কৰা হৈছে। সেয়েহে ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে আই পি চিৰ ১৪৩, ১৪৫, ১৮৮ আৰু ১৪৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
ইয়াৰ পিছতে ৰাজ্যখনত হিজাব বিতৰ্কই গা কৰি উঠিছিল। এই নিয়মৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে। ১৮ ফেব্ৰুৱাৰী ২০২২, শুকুৰবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বিষয়ত এক শুনানি গ্ৰহণ কৰিছিল যদিও এই বিবাদৰ সমাধান কৰিব পৰা নগ'ল। এই গোচৰৰ শুনানি ২১ ফেব্ৰুৱাৰীত পুনৰ গ্ৰহণ কৰিব।