যোগগুৰু ৰামদেৱৰ অশ্লীল কাৰ্টুন বনোৱা ২জনৰ বিৰুদ্ধে গোচৰ...

উত্তৰাখণ্ড আৰক্ষীয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱৰ অশ্লীল পোষ্টাৰ বনোৱা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগত ডেৰাডুনস্থিত দুজন কাৰ্টুনিষ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

author-image
Asomiya Pratidin
New Update
যোগগুৰু ৰামদেৱৰ অশ্লীল কাৰ্টুন বনোৱা ২জনৰ বিৰুদ্ধে গোচৰ...

ডিজিটেল ডেস্ক: উত্তৰাখণ্ড আৰক্ষীয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱৰ অশ্লীল পোষ্টাৰ বনোৱা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগত ডেৰাডুনস্থিত দুজন কাৰ্টুনিষ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযোগ অনুসৰি অশ্লীল পোষ্টাৰ প্ৰস্তুত কৰি যোগ গুৰু ৰামদেৱৰ ভাবমূৰ্তি কলুষিত কৰাৰ চেষ্টা কৰা হৈছে।

আৰক্ষীয়ে জনাই যে কাৰ্টুনিষ্ট গজেন্দ্ৰ ৰাৱট আৰু হেমন্ত মালৱীয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। তেওঁলোক ৰামদেৱৰ অশ্লীল ফটো বনাই ভাইৰেল কৰিছিল।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰু পঢ়ক: ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ঢকুৱাখনা গ্ৰন্থমেলা...

uppolice ramdev fir