বেবেজীয়া চাৰিআলিত অগ্নিকাণ্ড…

নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিত বৃহস্পতিবাৰে পুৱা ৭-৩০ বজাত দিগন্ত মোবাইল চেণ্টাৰত সংঘটিত হোৱা এক অগ্নিকাণ্ডই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
বেবেজীয়া চাৰিআলিত অগ্নিকাণ্ড

বেবেজীয়া চাৰিআলিত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিত বৃহস্পতিবাৰে পুৱা ৭-৩০ বজাত দিগন্ত মোবাইল চেণ্টাৰত সংঘটিত হোৱা এক অগ্নিকাণ্ডই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বেবেজীয়া চাৰিআলিস্থিত যুৱ ব্যৱসায়ী দিগন্ত শৰ্মাৰ মোবাইলৰ দোকানত আজি পুৱা আচম্বিতে এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। 

লগে লগে ওচৰৰ দোকানী তথা স্থানীয় লোকে জুই দেখি ততাতৈয়াকৈ পানী ঢালি নিৰ্বাপন কৰে ৷ ফলত কাষৰ দোকানকেইখন অনাকাঙ্খিত ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৷ 

উল্লেখ্য যে অগ্নিকাণ্ডৰ ফলত দিগন্ত শৰ্মাৰ মোবাইল বিপনীত প্ৰায় তিনিলাখ টকাৰ ক্ষতিসাধন হয় জানিবলৈ দিয়ে ৷

Bebejia