ডিজিটেল ডেস্কঃ যমুনাত গা ধুই চিকিৎসালয়ৰ বিচনা পালেগৈ বিজেপিৰ এগৰাকী ৰাজ্যিক সভাপতি। দৰাচলতে যমুনা নদীত গা ধুই দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰিছিল। যমুনা পানী নিষ্কাষণ কৰাৰ আপৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি যমুনাত গা ধোৱাৰ পাছতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে ছালৰ ৰোগতো আক্ৰান্ত হৈছে দিল্লী বিজেপিৰ সভাপতিগৰাকী। ইতিমধ্যে সভাপতি গৰাকীক হস্পাতালত ভৰ্তি কৰা হৈছে আৰু চিকিৎসকে ৩দিনৰ ঔষধ প্ৰদান কৰিছে।
বিজেপিৰ এই কাৰ্যক আম আদমী পাৰ্টিয়ে নাটক আখ্যা দিছে। দিল্লী চৰকাৰৰ পৰ্যটন মন্ত্ৰী তথা আপ নেতা গোপাল ৰায়ে দিল্লী প্ৰদূষণতকৈ বিজেপিৰ নাটক বেছি হৈছে বুলি কটাক্ষ কৰিছে। তেওঁ কয় যে, যমুনা প্ৰদূষণৰ বাবে কেৱল দিল্লী চৰকাৰ দায়ী নহয়। উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা চৰকাৰে উদ্যোগসমূহৰ পেলনীয়া যমুনাত পেলোৱাৰ অনুমতি দিয়াৰ বাবে যমুনাৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।
দৰাচলতে আপে ২০২০ত নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, ২০২৫ৰ ভিতৰত তেওঁলোকে যমুনা সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব। ইয়াৰ বাবে ৮৫০০কোটি টকা ধাৰ্য কৰি আজিও কিয় এই কাম সম্পূৰ্ণ নহ’ল, তাক লৈ দিল্লী চৰকাৰক প্ৰশ্ন কৰে দিল্লী বিজেপিৰ সভাপতিগৰাকীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই ৮৫০০কোটি টকা কাৰ জেপত সোমাল, সেই প্ৰশ্নও উত্থাপন কৰে।