বাক্সাৰ কুৱেৰী চ'কত অনুষ্ঠিত হ'ব গণ সুৰক্ষা পাৰ্টীৰ প্ৰথমখন কেন্দ্ৰীয় অধিবেশন

বাক্সা জিলাৰ অন্তৰ্গত কুৱেৰী চ’কত অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব গণ সুৰক্ষা পাৰ্টীৰ প্ৰথমখন কেন্দ্ৰীয় অধিবেশন। ইতিমধ্যে এই অধিবেশনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ...

author-image
Asomiya Pratidin
New Update
সংবাদমেল সম্বোধন নৱ শৰণীয়াৰ

সংবাদমেল সম্বোধন নৱ শৰণীয়াৰ

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ অন্তৰ্গত কুৱেৰী চ’কত অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব গণ সুৰক্ষা পাৰ্টীৰ প্ৰথমখন কেন্দ্ৰীয় অধিবেশন। ইতিমধ্যে এই অধিবেশনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 

উল্লেখযোগ্য যে এই অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী। মহিলাৰীক চতুৰ্থবাৰৰ বাবে বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাবলৈ সাজু বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই ।

তাৰোপৰি তেওঁ বিজেপি আৰু ইউপিপিএল দলৰ অৱস্থা তথৈবচ হৈ পৰিছে বুলিও মন্তব্য কৰে । বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ দুৰ্নীতি সন্দৰ্ভতো মন্তব্য কৰে শৰণীয়াই।

এইখিনিতে উল্লেখ কৰিব পাৰি যে দহ সহস্ৰাধিক নেতা-কৰ্মীৰ উপস্থিতিৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ পৰাই গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপিয়ে বজাব নিৰ্বাচনী ৰণডংকা ।

bpf pramod boro NABA KUMAR SARANIA Hagrama Mohilary baksa