সাৱধান: ভাৰতত প্ৰথমজন মাংকিপক্স ৰোগী চিনাক্ত

সাৱধান: ভাৰতত প্ৰথমজন মাংকিপক্স ৰোগী চিনাক্ত
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতত চিনাক্ত হ'ল বিশ্বজুৰি নতুন আতংকৰ সৃষ্টি কৰা মাংকিপক্সৰ প্ৰথমজন ৰোগী। স্বাস্থ্য মন্ত্রালয়ে সোমবাৰে প্রকাশ কৰা তথ্য অনুসৰি অলপতে পশ্চিম আফ্ৰিকাৰ এখন দেশ ভ্রমণ কৰা এজন যুৱকৰ দেহত পোৱা গৈছে মাংকিপক্সৰ ভাইৰাছ।

জানিব পৰামতে যুৱকজন পশ্চিম আফ্রিকাৰ যিখন দেশলৈ গৈছিল, সেই দেশখনত ইতিমধ্যে মাংকিপক্স ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। স্বাস্থ্য মন্ত্র্যালয়ে অৱশ্যে যুৱকজনৰ সন্দৰ্ভত কোনো তথ্য প্রকাশ কৰা নাই। মন্ত্রালয়ে জনোৱা অনুসৰি দেশত উপস্থিত হোৱাৰ পাছৰে পৰা যুৱকজনৰ শৰীৰত মাংকিপক্সৰ লক্ষণে দেখা দিছিল। তেওঁক তাৎক্ষণিকভাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ শৰীৰত দেখা দিয়া লক্ষণসমূহ মাংকিপক্সৰ হয় নে নহয় সেয়া নিৰ্ণয় কৰাৰ বাবে তেওঁৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

সোমবাৰে সেই পৰীক্ষাত তেওঁৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতিৰ প্ৰমাণ পোৱা হয়। যুৱকজনৰ পৰিচয় গোপনে ৰাখি স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰিছে যে তেওঁৰ শাৰীৰিক অৱস্থা বর্তমান সুস্থিৰ আৰু তেওঁ কোনো ধৰণৰ জ্বৰ বা অন্যান্য অসুবিধাত সম্প্রতি ভুগি থকা নাই। কেন্দ্ৰীয় চৰকাৰে অৱশ্যে এই ঘটনাক ৰাজহুৱা স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা বুলি চিহ্নিত কৰা নাই।

উল্লেখযোগ্য যে ২০২২ চনৰ জুলাইতো এনেধৰণৰ লক্ষণ থকা ৩০গৰাকী লোকক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। মন্ত্র্যালয়ে কৈছে যে যুৱকজনক সম্পূর্ণ স্বাস্থ্যৰ নীতি-নিয়ম মানি আছুতীয়াকৈ ৰখা হৈছে আৰু সদ্যহতে মাংকিপক্সৰ ভাইৰাছ সংক্রমণ হোৱাৰ সম্ভাৱনা নাই। কোৰোনাৰ পাচত দেশত আতংকৰ নতুন নাম হৈ উঠিছে মাংকি পক্স।

ইপিনে স্বাস্থ্য মন্ত্র্যালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ বাবে নতুন নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰতিখন ৰাজ্য-কেন্দ্রীয়শাসিত অঞ্চলৰ চিকিৎসালয়ত মাংকিপক্সৰ বাবে পৃথককৈ আইছ'লেচনৰ সুবিধা থাকিব লাগিব। সমান্তৰালকৈ স্ক্রিনিং আৰু পৰীক্ষা বৃদ্ধিৰো নির্দেশ দিয়া হৈছে।

বিশ্বৰ ভিন্ন স্থানত মাংকিপক্সৰ প্রাদুর্ভাৱ হোৱাত উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইয়াৰ প্ৰভাৱত বহু মানুহৰ মৃত্যুও হৈছে। কেন্দ্ৰৰ নতুন নির্দেশনাত এই ভাইৰেল ৰোগৰ সংক্ৰমণ ৰোধ কৰাত পৰীক্ষণত গুৰুত্ব দিয়া হৈছে। অৱশ্যে চৰকাৰে এতিয়াই মাংকিপক্সক ভাৰতৰ বাবে বিপজ্জনক হিচাপে চিহ্নিত কৰা নাই। সেয়ে হ'লেও চৰকাৰে সতৰ্কতা অৱলম্বনত কোনো ক্ৰুটি ৰাখিব খোজা নাই।

বিদেশৰ পৰা অহা কোনো লোকৰ শৰীৰত এনেধৰণৰ লক্ষণ দেখা পালেই তেওঁক আইছ'লেচনত ৰখাৰ নির্দেশ দিয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা এইপর্যন্ত ১১৬ খন দেশত ৯৯,১৭৬ গৰাকী লোক মাংকি পক্সত আক্রান্ত হৈছে আৰু ইয়াৰে ২০৮ গৰাকীৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in