ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান চলাই আৰক্ষীয়ে তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ধৃত উগ্ৰপন্থী তিনিজন নিষিদ্ধ সংগঠন কে ৱাই কে এলৰ দুৰ্ধৰ্ষ সদস্য। ইম্ফল পশ্চিম জিলাৰ চাংগাংগেই উচেকনৰ পৰা গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী তিনিজনৰ নাম ঐনাম মিলন সিং (৫২ বছৰ) , যুমনাম ৰণবীৰ সিং (৫১ বছৰ) আৰু খাইদেম ধনবীৰ মেইটেই (২৪ বছৰ) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উগ্ৰপন্থী কেইজন ধন দাবীৰ কামত জড়িত আছিল। উগ্ৰপন্থী কেইজনৰ পৰা ৪টা মোবাইল হেণ্ডছেট, ২খন আধাৰ কাৰ্ড, ২ খন ড্ৰাইভিং লাইচেন্স, ২ খন পেন কাৰ্ড, ১খন ভোটাৰ কাৰ্ড, সহ নগদ ৯১২৫ টকা আৰু ১খন চাৰিচকীয়া বাহন জব্দ কৰা হয়।
আনহাতে,যোৱা শনিবাৰে পশ্চিম ইম্ফল জিলাৰ কৌটৰুকত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জৰিত থকা ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। ধৃত ব্যক্তি কেইজন পুখ্ৰামবাম বিনিত ওৰফে অমৰ মেইটেই (১৯ বছৰ) লংজাম মমোছা ওৰফে বিশাল মেইটেই (৩৪ বছৰ),থকছম লয়াছানা ওৰফে য়াইফাবা (৪১ বছৰ) ৱাংখেম দিলীপ মেইটেই (৪৫ বছৰ) আৰু নিংথৌজাম ইবোমচা মেইটেই (৪০ বছৰ) বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
Also Read: কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ, গ্ৰেপ্তাৰএজন