ডিজিটেল ডেস্ক: দিল্লীৰ পৰা দোহালৈ উৰা মৰা কটৰ এয়াৰবেজৰ এখন বিমানে পাকিস্তানৰ কৰাছীত জৰুৰীকালীন অৱতৰণ কৰে।প্ৰাপ্ত খবৰ অনুসৰি বিমান QR579579 ত ১০০ তকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল।
কিন্তু কাৰিকৰী কাৰণত, এই বিমান খনৰ পথ সলনি কৰি কৰাচী বিমান বন্দৰত অৱতৰণ কৰা হয়। ইয়াৰ পাছতে শংকিত হৈ পৰিছে বিমানৰ যাত্ৰী সকল।
এই বিমানখনত যাত্ৰা কৰা এগৰাকী যাত্ৰীয়ে ঘটনাৰ বিৱৰণী দি সহায় বিচাৰে। তেওঁ জনোৱা মতে যাত্ৰী সকলক কোনো ধৰণৰ খাদ্য বা পানীৰো যোগান ধৰা হোৱা নাই।