বানৰ কবলত উৰিয়ামঘাটঃ বৰষুণত তিতিয়েই পথ অৱৰোধ স্থানীয় মহিলাৰ

ধনশিৰি মহকুমা প্ৰশাসন আৰু স্থানীয় বিধায়কক সমস্যা সমাধানৰ দাবী প্ৰতিবাদকাৰীৰ

author-image
Asomiya Pratidin
New Update
বানৰ কবলত উৰিয়ামঘাটঃ বৰষুণত তিতিয়েই পথ অৱৰোধ স্থানীয় মহিলাৰ

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ কৃত্ৰিম বানত বুৰিল সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাট বজাৰৰ সমীপৰ সোনালী নগৰৰ গাঁও। বজাৰখনৰ নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলত বৰষুণৰ পানীত বুৰ যায় গাঁওখন।উৰিয়ামঘাট বজাৰৰ লেছীয়ে নলা-নৰ্দমা পৰিষ্কাৰ তথা পানী ওলাই যোৱাৰ সু-পৰিকল্পিত ব্যৱস্থা নকৰাৰ বাবে কৃত্ৰিম বানত ভোগীবলগীয়া হৈছে অঞ্চলবাসী।

সেয়ে মঙলবাৰে পুৱাই গাঁওখনৰ লোক সকল আহি উৰিয়ামঘাটৰ মূল পথ অৱৰোধ কৰে। এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। শেহতীয়াকৈ ধনশিৰি সীমান্ত দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰু ৰিলিফ কেম্পৰ ব্যৱস্থাৰ বাবে যো-জা চলায়।

Also Read: ধুবুৰীৰ বৰুণডাংগাত প্ৰাচীন কালৰ হিলৈ-গুলী উদ্ধাৰ...

uriyamghat