ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান আজাদ ক্লাৱৰ ব্যৱস্থাপনাত কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত হৈ থকা ৰাতুল মহন্ত সোঁৱৰণী প্ৰাইজমানি চলন্ত কাপ ফুটবল প্ৰতিযোগিতাৰ সোমবাৰৰ চূড়ান্ত খেলত আৰোহণ গোষ্ঠীয়ে ২-১ গলৰ ব্যৱধানত ট্ৰাইবেকাৰৰ সহায়ত বিজয়ৰ খীতাপ দখল কৰিবলৈ সক্ষম হয়। বিজিত দল হিচাপে বঁটা লাভ কৰে ঘৰোৱা দল আজাদ ক্লাবে।
জিতু বড়োৰ পৰিচালনাত সোমবাৰে বিয়লি অনুষ্ঠিত খেলখন আৰম্ভ হোৱাৰ পূৰ্বে খেল পথাৰত উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাস । খেলৰ আৰম্ভনিতে দুয়ো দলৰ খেলুৱৈ সকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিমা দাসৰ লগতে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ চিনাকি পৰ্ব হয়।
নিৰ্ধাৰিত সময়লৈকে খেলখন অমিমাংসিত হৈ ৰোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে খেল খেলোৱাত ২-১ গলৰ ব্যৱধানত ঘৰোৱা দল আজাদ ক্লাবক পৰাভুত কৰি আৰোহন গোষ্ঠীয়ে বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাত উপস্থিত হৈ হিমা দাসে গ্ৰাম্য ক্ৰীড়াৰ ভেটি সুদৃঢ় কৰিব লাগে বুলি মন্তব্য কৰে । প্ৰতিযোগিতাৰ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত ৰাতুল মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। মাহজোৰাকৈ অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল খেলখনৰ চুড়ান্ত খেলখনত নাইজেৰিয়াৰ দুজনকৈ ফুটবলাৰেও অংশগ্ৰহণ কৰাত দৰ্শকৰ মাজত আলোৰণ সৃষ্টি হোৱা দেখা যায় ।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আজান ক্লাবৰ ফাৰুক আহমেদক বঁটা প্ৰদান কৰাৰ বিপৰীতে উদ্গনি মূলক বঁটা প্ৰদান কৰা হয় ক্ৰমে প্ৰশান্ত গুদুৱা আৰু জ্ঞান হাজৰিকাক। বঁটা বিতৰণী অনুষ্ঠানত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, মণি মাধৱ মহন্ত, ৰবীন ভূঞা, মৃণাল কুমাৰ হাজৰিকাকে প্ৰমূখ্য কৰি কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে।