বন বিভাগৰ অভিযান : ভেলাকোবাত অবৈধ কাঠফলা কল উচ্ছেদ

উক্ত অঞ্চলৰ বাঁহৰ খেৰণিৰ তলত অবৈধভাৱে চলাই থকা কাঠফলা কল এটি অভিযানকাৰী দলটোৱে উচ্ছেদ কৰাৰ লগতে প্ৰায় ৫০ হেজাৰৰো অধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
বন বিভাগৰ অভিযান : ভেলাকোবাত অবৈধ কাঠফলা কল উচ্ছেদ

বন বিভাগৰ অভিযান : ভেলাকোবাত অবৈধ কাঠফলা কল উচ্ছেদ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশত বন বিভাগৰ সহকাৰী বন সংৰক্ষক বিষয়া চক্ৰপাণি ৰায়ৰ নেতৃত্বত ধুবুৰী ফৰেষ্ট চেক ষ্টেচনৰ বন আঞ্চলিক বিষয়া ছফিকুৰ ৰহমান, ডেপুটি ৰেঞ্জাৰ জীৱেশ চন্দ্ৰ ৰায়ৰ লগতে বন সুৰক্ষা কৰ্মীৰ দল এটিয়ে খোৰাঘাট বনাঞ্চলিক বিষয়াৰ সৈতে বৃহস্পতিবাৰে ভেলাকোবা অঞ্চলত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলায়। পাছত উক্ত অঞ্চলৰ বাঁহৰ খেৰণিৰ তলত অবৈধভাৱে চলাই থকা কাঠফলা কল এটি অভিযানকাৰী দলটোৱে উচ্ছেদ কৰাৰ লগতে প্ৰায় ৫০ হেজাৰৰো অধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পিছত জব্দ কৰা কাঠফলা কল আৰু চোৰাং কাঠখিনি অভিযানকাৰী দলটোৱে গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয় লৈ আনে। উল্লেখযোগ্য যে ভেলাকোবা প্ৰথম খণ্ড অঞ্চলত চোৰাং কাঠৰ চক্ৰ এটিয়ে অবৈধভাৱে কাঠফলা কল চলাই যোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে আজি বন বিভাগে উক্ত অঞ্চলটোত অভিযান চলায়।
ইপিনে বন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ সময়তে চোৰাং কাঠৰ বেপাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয়।
assam forest department