ধন আত্মসাৎ কৰি অট্টালিকা নিৰ্মাণঃ গ্ৰেপ্তাৰ প্ৰাক্তন পুথিভঁৰাল সঞ্চালিকা ৰুমী গোস্বামী...

ধন আত্মসাৎ কৰি অট্টালিকা নিৰ্মাণঃ গ্ৰেপ্তাৰ প্ৰাক্তন পুথিভঁৰাল সঞ্চালিকা ৰুমী গোস্বামী...

author-image
Asomiya Pratidin
New Update
ধন আত্মসাৎ কৰি অট্টালিকা নিৰ্মাণঃ গ্ৰেপ্তাৰ প্ৰাক্তন পুথিভঁৰাল সঞ্চালিকা ৰুমী গোস্বামী...

ধন আত্মসাৎ কৰি অট্টালিকা নিৰ্মাণঃ গ্ৰেপ্তাৰ প্ৰাক্তন পুথিভঁৰাল সঞ্চালিকা ৰুমী গোস্বামী...

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ ধনেৰে অট্টালিকা নিৰ্মাণ ! গ্ৰেপ্তাৰ পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা আৰু ঠিকাদাৰ স্বামী। ৰাজ্যৰ পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীয়ে সঞ্চালকালয়ৰ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল। ঠিকাদাৰ স্বামী প্ৰণৱ গোস্বামীৰ সৈতে মিলি ৰুমী গোস্বামীয়ে সঞ্চালকালয়ৰ ৪৬ লাখৰো অধিক ধন আত্মসাৎ কৰিছিল।

এই সন্দৰ্ভত পুথিভঁৰাল সঞ্চালকালয়ৰ ফালৰ পৰা দাখিল কৰা এক গোচৰৰ ভিত্তিত যোৱা ২৬ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৰুমী গোস্বামীৰ ঠিকাদাৰ স্বামী। তেতিয়াৰে পৰা পলাতক হৈ আছিল ৰুমী গোস্বামী।

উল্লেখ্য যে, অৱসৰ গ্ৰহণৰ তিনি দিন আগলৈকে ৰুমী গোস্বামীয়ে সঞ্চালকালয়ত লুণ্ঠন চলাইছিল। তেওঁ ৫ টা কিস্তিত ছেল্ফ চেকযোগে উলিয়াই লৈ গৈছিল সঞ্চালকালয়ৰ ৪৬.১৩ লাখ টকা।

এই ধন পুথিভঁৰালৰ আত্নঃগাঁথনি নিৰ্মাণ নামত আবণ্টন হৈছিল। ইফালে অভিযোগ অনুসৰি আত্মসাৎ কৰা ধনেৰে দুয়ো পতি-পত্নীয়ে মিলি তেজপুৰত অট্টালিকা নিৰ্মাণ কৰাৰ কথাও প্ৰকাশ পাইছে।

উল্লেখ্য যে ৰুমী গোস্বামীয়ে আৰক্ষীৰ পৰা হাত সাৰিবলৈ অগ্ৰিম জামিন আৱেদন কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আৱেদন নাকচ কৰিছে।

ক্লিক কৰি পঢ়কঃ নিৱনুৱালৈ চাকৰিঃ ৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, শীঘ্ৰেই কৰক আৱেদন...

দুৰ্নীতি পুথিভঁৰাল সঞ্চালকালয়