কামৰূপ (মঃ) জিলাৰ আয়ুক্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

কামৰূপ (মঃ) জিলাৰ আয়ুক্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কামৰূপ মেট্ৰ' জিলাৰ আয়ুক্তই পূজা সমিতিসমূহক তেওঁলোকৰ বেনাৰ অসমীয়া ভাষাত লেখাৰ বাবে জাৰী কৰা এক নিৰ্দেশকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দেওবাৰে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি তেওঁ কয় যে- কামৰূপ মেট্ৰ জিলাৰ আয়ুক্তই পূজা সমিতিসমূহক তেওঁলোকৰ বেনাৰ,হৰ্ডিং আদি অসমীয়া ভাষাত লিখিবৰ বাবে নিৰ্দেশ দিছে।

অসমত চৰকাৰী ভাষা আইন আছে যাক মই সন্মান কৰো। বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন অনুযায়ীও বিধানসভাত প্ৰশ্ন আদি অসমীয়াত সোধা হ'ব । আইন অসমীয়াত দিয়া হ'ব আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনাৱলীও বিধানসভাত উপস্থাপন কৰোতে অসমীয়াত ইয়াক ৰূপান্তৰ কৰা হ'ব। ইয়াক আমি সমৰ্থন কৰো।

কিন্তু প্ৰশ্ন হয় - দুৰ্গা পূজা চৰকাৰী কাৰ্যসূচী নেকি ? দুৰ্গা পূজা ব্যক্তিগত উৎসৱ। ইয়াত সকলো ভাষাৰ লোকে নিজৰ নিজৰ ভাষাত লিখাৰ অধিকাৰ আছে। গতিকে এনেধৰণৰ নিৰ্দেশ মানুহৰ ভাষা ব্যৱহাৰৰ অধিকাৰ খৰ্ব কৰিছে। অসমত এক তৃতীয়াংশ বাংলাভাষী লোক আছে । তেওঁলোকৰ অধিকাৰো এই নিৰ্দেশে খৰ্ব কৰিছে।'

তেওঁ লগতে কয় -'কেন্দ্ৰ আৰু ৰাজ্যত থকা ডবল ইঞ্জিন চৰকাৰৰ কাৰ্যকালত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ফলাফল শূণ্য। ১৬০০ কোটি টকা খৰচ কৰিও সঠিক এন আৰ চি প্ৰস্তুত কৰাত গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল।মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ভাষা আৰু ধৰ্মৰ নামত অসমৰ মানুহক বিভাজিত কৰিছে।

প্ৰাক্তন সাংসদগৰাকীয়ে লগতে কয়- 'নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ষষ্ঠ অনুসূচীৰ কথা মনত পৰে। হিমন্ত বিশ্ব শৰ্মাৰ এইয়া নাটক।' অসমত বিজেপিয়ে উদ্যোগ বন্ধ কৰা বুলি অভিযোগ কৰে সুস্মিতা দেৱে।

অসমত বিজেপিৰ অৱস্থা বৰ শোচনীয়। সেয়ে বিভিন্ন প্ৰলোভনৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক মুৰ্খ সজাব বিচাৰিছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ সময়তহে মনত পৰে। আছুক তেওঁ মিছা কথা কৈছে। এই প্ৰতিবেদন আৰু ষষ্ঠ অনুসূচী মুখ্যমন্ত্ৰীয়ে কেতিয়াও কাৰ্যকৰী নকৰে' বুলি মন্তব্য কৰে।

তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিৰ নাম সোনকালে ঘোষণা কৰা হ'ব বুলি তেওঁ মন্তব্য কৰি কয় যে পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন সকলোতে বিজেপিয়ে অসমত প্ৰতিদ্বন্দিতা কৰিব। ইফালে স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনি দিছে। কিন্তু বিনামূলীয়া বিদ্যুৎ কিয় যোগান ধৰিব পৰা নাই। আমি ২০০ ইউনিটলৈকে বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিয়াৰ দাবী জনাইছো।

সুস্মিতা দেৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰি থকা কংগ্ৰেছক কটাক্ষ কৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছে আদালতৰ কাষ কিয় নাচাপে বুলি মন্তব্য কৰে। লগতে সাংসদগৰাকীয়ে কয়, ১৯৫১ চনৰ আগত অসমত বাংলা ভাষা আছিল, সেই কথা আমি পাহৰিলে নহ'ব বুলি সংবাদমেলত উল্লেখ কৰে।

কামৰূপ (মঃ) জিলাৰ আয়ুক্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ
ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in