মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰ: দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসটি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ ২০১৬ চনৰ ৮ ছেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা সংগীত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা ডা° অৰুণ মহন্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিচতেই গুৰু বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ দেওধাই ফুকনৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ৷ সভাত আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষা মঞ্জু বৰুৱাই সংগীত বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালৰ সময়ছোৱা ৰোমন্থন কৰে ৷ পাছত সংগীত বিদ্যালয়খনিৰ কণকণ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে ৷

সভাত বৰগীতৰ বিশিষ্ট সংগীত শিল্পী ড° অনুধৃতি মহন্ত, সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, সাংস্কৃতিক কৰ্মী ৰূপক কলিতা, সংবাদদাতা প্ৰণৱ বৰগোহাঁই,ইছলাম আহমেদ, অধ্যক্ষা প্ৰণিতা মেছকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সংগীত মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আজি অনুষ্ঠিত হয়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে মাটি আখৰা, বৰগীত, সত্ৰীয়া নৃত্য, তবলা বাদন, লোকগীত প্ৰদৰ্শনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ৷

উল্লেখ্য যে, বৃহত্তৰ মথুৰাপুৰ অঞ্চলত ন বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়খনিত প্ৰতিষ্ঠা কালৰে পৰা প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত সন্মান বুটলিবলৈ সক্ষম হৈছে৷ ইফালে সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে আজি ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিৱস উপলক্ষে মহান শিল্পী গৰাকীক সোঁৱৰি তেওঁৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷

মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
১৫ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থ মেলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in