ডিজিটেল সংবাদ, ধুবুৰীঃ শুকুৰবাৰে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ভোগডহৰত ধুবুৰী ব'ট ক্লিনিক আৰু সীমান্ত সুৰক্ষা বাহিনীৰ ১৯ নম্বৰ বেটেলিয়নৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।
বিনামূলীয়া স্বাস্থ্য শিবিৰত সীমান্ত সুৰক্ষা বাহিনীৰ ১৯ নম্বৰ বেটেলিয়নৰ কমাণ্ডিং বিষয়া সতেন্দ্ৰ গিৰি , মুখ্য স্বাস্থ্য বিষয়া জে,বি ৰায়, সীমান্ত সুৰক্ষা বাহিনীৰ চিকিৎসক ডা° ৰাজনন্দিনী ,ডা° দেৱজানি সহ আৰু ধুবুৰী স্বাস্থ্য বিভাগৰ বিশেষ দলে উপস্থিত থাকে৷
শিবিৰত ভাৰত বাংলাদেশ সীমান্তৰ ভোগডহৰত সহস্ৰাধিক শিশুসহ মহিলা- পুৰুষৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।এই শিবিৰত ১০ গৰাকী চিকিৎসক,৫০ গৰাকী স্বাস্থ্য কৰ্মী আৰু ১৩ গৰাকী আশা কৰ্মীয়ে যোগদান কৰে।