ডিজিটেল সংবাদ,ৰঙিয়া: বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত লগতে ভাৰতীয় জনতা যুৱ মৰ্চা, উত্তৰ কামৰূপ জিলাৰ সহযোগত ৰঙিয়া সমষ্টিৰ যুৱক-যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ বাবে বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। ৫ ছেপ্টেম্বৰত শুভাৰম্ভণি হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে ৰঙিয়া সমষ্টিৰ শিক্ষিত যুৱক-যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ শাৰীৰিক পৰীক্ষাত যাতে সফলতাৰে উত্তীৰ্ণ হৈ চাকৰিত নিয়োজিত হ’ব পাৰে তাৰবাবে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিবলৈ এই বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।
এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত সমষ্টিটোৰ যুৱক-যুৱতী সকলক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। ৰঙিয়াৰ উঠি অহা যুৱ প্ৰজন্ম তথা শিক্ষিত যুৱক-যুৱতী সকলে অযথা সময় নষ্ট নকৰি সকলোৱে এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি এই সুযোগ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আগ্ৰহী সকলে এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিবৰ বাবে ৮৬৩৮২৯৪২২৪, ৭০০২৩৭৬৮৪৫,৯১০১৯৬০৯০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।
Also Read: ট্ৰেণ্ডছ-প্রতিদিন টেলেন্ট হান্ট ছিজন-৩: ক'ত-কেতিয়া হ'ব প্রতিযোগিতাৰ অডিচন পর্ব