গাৰো উন্নয়ন পৰিষদৰ সলনি গাৰো স্বায়ত্ব শাসিত পৰিষদ দিবলৈ চৰকাৰৰ ওচৰত দাবী বিভিন্ন গাৰো সংগঠনৰ...

বকোত গাৰো উন্নয়ন পৰিষদৰ বিৰোধীতা কৰি ক্ষোভ প্ৰকাশ বিভিন্ন গাৰো সংগঠনৰ

author-image
Asomiya Pratidin
New Update
গাৰো উন্নয়ন পৰিষদৰ সলনি গাৰো স্বায়ত্ব শাসিত পৰিষদ দিবলৈ চৰকাৰৰ ওচৰত দাবী  বিভিন্ন গাৰো সংগঠনৰ...

boko news

ডিজিটেল সংবাদ,বকোঃ গাৰো জনগোষ্ঠীৰ বাবে চৰকাৰে গঠন কৰি দিয়া গাৰো উন্নয়ন পৰিষদৰ তীব্ৰ বিৰোধীতা কৰি বুধবাৰে কামৰূপ জিলাৰ বকোত ১০ টাৰো অধিক গাৰো সংগঠনে ক্ষোভ প্ৰকাশ কৰে । বকো থানাৰ অন্তৰ্গত ছয়গাঁও বিধান সভা সমষ্টিৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদ নামৰ গাৰো সংগঠন এটাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন প্ৰতিবাদী সভাত কেইবাটাও সংগঠনে গাৰো উন্নয়ন পৰিষদৰ সলনি গাৰো স্বায়ত্ব শাসিত পৰিষদ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।

গাৰো সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সভাপতি এনিন্দ্ৰ মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মীয়ে যোৱা বিধান সভা নিৰ্বাচনৰ পিচতে চৰকাৰে গাৰো জনগোষ্ঠীক গাৰো উন্নয়ন পৰিষদ দিয়াৰ আঁৰত বিধায়ক ডা৹ নোমল মমিন দায়ী বুলি উল্লেখ কৰে ।

বিধায়ক ডা৹ মমিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগত গাৰো সকলক উন্নয়ন পৰিষদ দিলে গাৰো সকল সন্তুষ্ট হ'ব বুলি মিছাকৈ পতিয়ন নিয়াই গাৰো জনগোষ্ঠীক চিৰদিনৰ বাবে উন্নয়নৰ পৰা বঞ্চিত কৰিছে বুলি সভাত ক্ষোভ প্ৰকাশ কৰে।

গাৰো সকলৰ প্ৰকৃত উন্নয়নৰ বাবে গাৰো স্বায়ত্ব শাসিত পৰিষদৰ প্ৰয়োজন বুলিও আজিৰ সভাই দাবী উত্থাপন কৰে ।

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাত এখনো গাৰো গাঁও অন্তৰ্ভুক্ত নকৰিবলৈ প্ৰতিবাদী সভাই চৰকাৰক সকিয়াই দি গাৰো জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত বিধায়ক মমিনৰ সলনি বিভিন্ন গাৰো সমাজ-সংগঠনৰ সৈতেহে চৰকাৰক আলাপ-আলোচনা কৰিবলৈ আহ্বান জনায় ।

আনকি সভাত বিধায়ক মমিন গাৰো জনগোষ্ঠীৰ বিধায়ক হৈয়ো কোনো দিনে গাৰো জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত সাংসদৰ মজিয়াত মাত মতা নাই বুলি সভাই ক্ষোভ প্ৰকাশ কৰে ।

শেহতীয়াভাৱে অসম আৰু মেঘালয় সীমা সমস্যাক কেন্দ্ৰ কৰিও আজিৰ সভাত বিশদভাৱে আলোচনা হয় । মেঘালয় চৰকাৰে অসমৰ লোকক বিভিন্ন আঁচনি দি আগ্ৰাসন পথ প্ৰশস্ত কৰিছে বুলি সভাই উল্লেখ কৰে ।

এইক্ষেত্ৰত মেঘালয় ৰাজ্যৰ পৰা আহি অসমত জোঁৱাই থকা এচাম অসমবিদ্বেষীয়ে জ্বলা জুইত ঘিউ ঢালিছে বুলিও একাংশ নেতা-কৰ্মীয়ে সভাত উল্লেখ কৰে ।

boko,garo unnoyon
boko,garo unnoyon

গাৰো স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে অসম-মেঘালয়ৰ সীমান্তত বসবাস কৰা পৰিয়ালবোৰক সা-সুবিধা কৰি দিলে কোনো দিনে সীমান্তত বসবাস কৰা পৰিয়ালবোৰে মেঘালয়ৰ প্ৰতি আনুগত্য স্বীকাৰ নকৰিব বুলি আশা প্ৰকাশ কৰে ।

প্ৰতিবাদী সভাখন চলি থকাৰ মাজতে ছয়গাঁৱৰ উকিয়ামৰ উমথলিত মেঘালয় ৰাজ্যৰ ৰামৰাই বিধানসভা সমষ্টিৰ বিধায়ক কিমফা মাৰবানিয়াঙে বাঁহৰ পাতি অসমবিদ্বেষী চক্ৰটোক উচটনি দিয়া বুলি গুৰুতৰ অভিযোগ কৰে ।

মেঘালয়ৰ বিধায়কগৰাকীৰ সৈতে বাজব মাৰবানিয়াং নামৰ আন এগৰাকী মেঘালয়ৰ জন প্ৰতিনিধিয়ে পূৰ্ণ সহযোগ আগবঢ়োৱা বুলিও সভাত উল্লেখ কৰে ।

সভাই মেঘালয়ৰ বিধায়কগৰাকীক এনে কাৰ্যৰ পৰা বিৰত থকিবলৈ সকীয়াই দিয়াৰ লগতে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ ওচৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

সভাৰ শেষত প্ৰতিবাদী ৰাইজে হাতে হাতে ' গাৰোসকল অসমৰ ভূমিপুত্ৰ' , ' আমাক গাৰো উন্নয়ন পৰিষদ নহয়, গাৰো স্বায়ত্ব শাসিত পৰিষদ লাগিব ' আদি বিভিন্ন শ্লোগান লিখা প্লে কাৰ্ড হাতে হাতে লৈ চৰকাৰে দিয়া গাৰো উন্নয়ন পৰিষদৰ বিৰোধীতা কৰে ।

assam assam govt meghalaya meghalaya govt garo