সাংসদ গৌৰৱ গগৈৰ সম্বৰ্ধনা অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহ আৱণ্টন নিদিয়াক লৈ গোলাঘাটত উতপ্ত পৰিস্থিতি...

সাংসদ গৌৰৱ গগৈৰ সম্বৰ্ধনা অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহ আৱণ্টন নিদিয়াক লৈ গোলাঘাটত উতপ্ত পৰিস্থিতি...
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ অহা ১২ আগষ্টত গোলাঘাটত গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া সাংসদ গৌৰৱ গগৈৰ এখন সম্বৰ্ধনা সভাৰ স্থানক লৈ গোলাঘাটত আজি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলা কংগ্ৰেছে উত্থাপন কৰা অভিযোগ অনুসৰি গোলাঘাট জিলা কংগ্ৰেছে যোৰহাটৰ সাংসদ তথা বিৰুধী দলৰ উপদলপতি গৌৰৱ গগৈক সম্বৰ্ধনা জনাবৰ বাবে অহা ১২ আগষ্টত এখন সভা আহ্বান কৰা হৈছে আৰু উক্ত সভাখন অনুষ্ঠিত কৰিবৰ বাবে গোলাঘাট জিলা পুথি ভৰালৰ প্ৰেক্ষাগৃহটোৰ বাবে আবেদন জনোৱা হৈছিল।

কিন্তু প্ৰেক্ষাগৃহটোৰ দায়িত্বত থকা গোলাঘাট পৌৰসভাই উক্ত প্ৰেক্ষাগৃহটো নানান অজুহাতত গৌৰৱ গগৈৰ সভাৰ বাবে আৱণ্টন দিবলৈ অস্বীকাৰ কৰাত আজি গোলাঘাটৰ কংগ্ৰেছী সকল ক্ষোভত ফাটি পৰে। ক্ষোভিত কংগ্ৰেছ কৰ্মী সকলে পৌৰসভাৰ এনে কাৰ্যৰ প্ৰতিবাদত গোলাঘাট জিলা কংগ্ৰেছ ৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৰ সমীপলৈ গৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি মূৰ্দাবাদ, পৌৰ সভা মূৰ্বাদ আদি ধ্বনিৰে এক উত্তাল পৰিবেশ সৃষ্টি কৰে। যুৱ কংগ্ৰেছৰ নেতা সত্যব্ৰত শইকীয়ই ক্ষোভেৰে কয় যে মন্ত্ৰী অজন্তা নেওগৰ সড়যন্ত্ৰতে এনেদৰে প্ৰেক্ষাগৃহটোৰ পৰা জিলা কংগ্ৰেছৰ ক বঞ্চিত কৰা হৈছে।

তেও আৰু কয়- গৌৰৱ গগৈ এতিয়া যোৰহাট অথবা অসমৰে কণ্ঠ নহয় , তেও এতিয়া দেশৰ কোটি কোটি জনতাৰ কণ্ঠ। তেওৰ উত্থানত এতিয়া বিজেপিৰ বহু নেতাৰ লগতে অজন্তা নেওগৰো ভৰিৰ তলৰ মাটি লাহে লাহে নোহোৱা হৈ আহিছে বুলি উল্লেখ কৰি যুৱনেতা জনে কয়- ক্ৰমাত জনপ্ৰিয় হৈ পৰা গৌৰৱ গগৈয়ে অহা ২৬ ৰ বিধান সভা নিৰ্বাচনত গোলাঘাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি ওলোৱা বাতৰিত ভিতীগ্ৰস্থ হৈ অজন্তা নেওগে গোলাঘাটত সাংসদ গৰাকীৰ জনপ্ৰিয়তাক ৰোধ কৰিবৰ বাবেই এনে সড়ষন্ত্ৰত লিপ্ত হৈছে। এনে নিকৃষ্ট সড়যন্ত্ৰই গোলাঘাটৰ কংগ্ৰেছ কৰ্মী সকলক বিচলিত কৰিব নোৱাৰে বুলিও তেও দৃঢ়তাৰে কয়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি ক্ৰমে জীতেন বৰুৱা, কমলেশ্বৰ ফুকন ,কোষাধ্যক্ষ মোহিবুল হুছেইন, সাধাৰণ সম্পাদক দিপাংকৰ বৰা, বুটু ৰহমান, গোলাঘাট জিলা কংগ্ৰেছ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰুস্তম বৰা, গোলাঘাট নগৰ ব্লক কংগ্ৰেছৰ সভাপতি ভূপেন ৰাজখোৱা, গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তী আহমেদ, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী, অসম প্ৰদেশ কংগ্ৰেছ সামাজিক মাধ্যম বিভাগৰ ৰাজ্যিক সমন্বয়ক বিমল দলে, প্ৰদেশ মহিলা কংগ্ৰেছৰ মামনী দলে, প্ৰমূখে কংগ্ৰেছ দলৰ শতাধিক কৰ্মী আৰু শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰে।

পাছত কাজিৰঙাৰ হাতীখোলী চাহ বাগিছাৰ ভূমিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব বিচৰাত শ্ৰমিকসকলে প্ৰতিবাদ কৰিবলৈ যাঁওতে অসম আৰক্ষীয়ে লাঠি চালনা কৰি বাগিছাৰ শ্ৰমিক সকলক আঘাটপ্ৰাপ্ত কৰা বিষয়ত উপযুক্ত তদন্তৰ লগতে চাহ খেতিৰ ভূমি উছেদ নকৰিবলৈ গোলাঘাট জিলা কংগ্ৰেছ কমিটিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুলি গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে সাংবাদিকক জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in