ডিজিটেল ডেস্ক : নৱগ্ৰহ শ্মশান সেৱা সমিতিৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা ১০ নবেম্বৰ ২০২৪ত নৱগ্ৰহ শ্মশান প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই সভাত ৩বছৰীয়া কাৰ্যকালৰ বাবে বলেন্দ্ৰ ভড়ালীক সভাপতি আৰু প্ৰবীণ বৰঠাকুৰক সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত কমিটীখনৰ অন্তিম বছৰৰ কামৰ খতিয়ান দাঙি ধৰা হয়।
সাধাৰণ সম্পাদকৰ প্ৰতিবেদনত নৱগ্ৰহ শ্মশান সেৱা সমিতিয়ে এই ৩বছৰীয়া কাৰ্যকালত শ্মশানখনৰ কাৰণে কি কি কাম কৰিলে তাৰ বিশদ ব্যাখ্যা আগবঢ়ায়। প্ৰতিবেদনৰ আৰম্ভণিতে সাধাৰণ সম্পাদক বৰঠাকুৰে নৱগ্ৰহ শ্মশানৰ উন্নয়ণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে তৃতীয় পৰ্যায়ৰ কামৰ প্ৰাককলন আৰু সংক্ষিপ্ত আনুমানিক ব্যয় লোক নিৰ্মাণ বিভাগৰ পৰা পোৱাত পলম হোৱা বাবেই তেঁওৰ কাৰ্যকালৰ তৃতীয় বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত কৰাত পলম হোৱোৰ কথা উল্লেখ কৰে।
যোৱা ৩টা বছৰে নৱগ্ৰহ শ্মশানৰ সৌন্দৰ্যৱৰ্ধনৰ কাম ধাৰাবাহিকভাৱে চলি আছে। এই সময়ছোৱাত মুখ্যমন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰীৰ লগতে গুৱাহাটী পৌৰনিগমৰ পৌৰপতিৰ লগত যোগাযোগ কৰি সমিতিৰ সভাপতি বলেন্দ্ৰ ভড়ালীয়ে ২৫ ফেব্ৰুৱাৰী ২৩তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কামৰূপ একাডেমীত সাক্ষাৎ কৰি এক আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতেই মুখ্যমন্ত্ৰীয়ে ষ্টেট অৱ আৰ্ট আৰ্হিত নৱগ্ৰহ শ্মশানৰ উন্নয়ন আৰু সৌন্দৰ্যৱৰ্ধনৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল।
সেই অনুসৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ৪কোটি টকাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও ৩টা চিতা নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ৫টা চিতাৰ কাম সম্পূৰ্ণ কৰি ১৪ আগষ্ট ২৪ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাইজৰ বাবে উছৰ্গা কৰা হৈছে।
নৱগ্ৰহ শ্মশানৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী, গুৱাহাটীৰ পৌৰপতিকে ধৰি চৰকাৰী কৰ্তৃপক্ষই আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয়। নৱগ্ৰহ শ্মশান সমিতিৰ দুখন স্বৰ্গৰথ বৰ্তমান চলি আছে। সমিতিৰ আবেদন ক্ৰমে এই দুয়োখন স্বৰ্গৰথৰ মটৰ টেক্স ৰেহাই দিছে পৰিবহণ বিভাগে।
নৱগ্ৰহ শ্মশান সমিতিৰ পঞ্জীয়ণ নবীকৰণৰ ম্যাদ ২০২৬লৈ বৃদ্ধি কৰা হৈছে এইখন সমিতিৰ কাৰ্যকালত। সমিতিয়ে তৃতীয় বৰ্ষৰ জমা- খৰচৰ খতিয়ানো এই বৈঠকত দাঙি ধৰে। ১ এপ্ৰিল ২৩ৰ পৰা ৩১ মাৰ্চ ২৪লৈ এই জমা খৰচৰ খতিয়ান চাৰ্টাৰ্ড একাউটেণ্টৰ দ্বাৰা পৰীক্ষা কৰা হৈছে।
ইফালে কোষাধ্যক্ষৰ প্ৰতিবেদনত জয়ন্ত বৰুৱাই এই সমিতিৰ ৩বছৰীয়া কাৰ্যকালত সহায়- সহযোগ কৰা সকলো বিষয়ববীয়া, আজীৱন সদস্য আৰু সদস্য- সদস্যাবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে তৃতীয় বৰ্ষৰ আৰম্ভণিতে সমিতিৰ নামত সৰ্বমুঠ জমা আছিল ১০ লাখ ৫৭ হাজাৰ ৬১৯. ৯২ টকা। আৰু সামৰণিত সমিতিৰ নামত জমা থকা ধনৰাশি হ’ল ১২ লাখ ৯ হাজাৰ ৪৬৯.০৭ টকা।
এই উপলক্ষে প্ৰকাশ কৰা এখন পুস্তিকাত সমিতিৰ হিচাপ- নিকাচৰ সবিশেষৰ লগতে সম্পাদকৰ প্ৰতিবেদন আৰু উক্ত কাৰ্যকালৰ ভালেকেইটা ছবি সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও নৱগ্ৰহ শ্মশান সমিতি ২০২৩- ২৪ বৰ্ষত মজুত থকা সামগ্ৰীৰ তালিকাও সন্নিৱিষ্ট আছে ইয়াত।