এজাক কিশোৰ কিশোৰীৰ নৃত্য-গীতত উদুলি-মুদুলি ঘিলামৰা কৃষ্টি ভৱন...

এজাক কিশোৰ কিশোৰীৰ নৃত্য-গীতত উদুলি-মুদুলি ঘিলামৰা কৃষ্টি ভৱন...
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: এজাক অনিসন্ধিৎসু কিশোৰ কিশোৰী । প্ৰাত্যহিক বিদ্যায়তনিক ব্যস্ততাৰ পৰা আঁতৰি এইজাক নব প্ৰজন্ম ব্ৰতী হৈছে শংকৰী লোক কৃষ্টি আৰু আধুনিক গীত নৃত্য চৰ্চাত। ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত এইসকল কিশোৰ কিশোৰী নিৰন্তৰ ভাবে মগ্ন হৈছে সংস্কৃতিৰ চৰ্চাত।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত সমষ্টি ভিত্তিক এই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈছে যোৱা ১জুলাইৰ পৰা। বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত নব প্ৰজন্মক সাংস্কৃতিক ভাবে পৈণত কৰাৰ মানসেৰে অনুষ্ঠিত হৈছে এই কৰ্মশালা ।

ঘিলামৰাৰ ঝংকাৰ নৃত্য একাডেমীৰ সহযোগিতাত অনুষ্ঠিত এই মনোজ্ঞ কৰ্মশালাত মহকুমাটোৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীক সত্ৰীয়া নৃত্য,শংকৰী নৃত্য , কথক নৃত্য , সৃষ্টিশীল নৃত্য, বৰগীত , আধুনিক গীত , বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত,ভূপেন্দ্ৰ সংগীত আদিৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ।

অহা ১৫ জুলাই পৰ্যন্ত অব্যাহত থাকিব লগা এই কৰ্মশালাত সাংস্কৃতিক শিতানৰ পৰিশুদ্ধ আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰিছে ক্ৰমে মুখ্য প্ৰশিক্ষক বিজয়া ভৰালী , সহ প্ৰশিক্ষক বিনোদ খনিকৰ ( সত্ৰীয়া নৃত্য ), লক্ষ্যজিত বৰুৱা( কথক নৃত্য), নিতুমণি চাংমাই (সংগীত) সুৰজিত বৰা( বৰগীত)আদিয়ে ।

গুৰুজনাৰ স্বকীয় সৃষ্টিশীল নৃত্য গীতৰ সমান্তৰাল ভাৱে অন্যান্য শিতানৰ নিখুঁত প্ৰশিক্ষণ প্ৰদান কৰি অহা ১৫ জুলাইত এই কৰ্মশালাৰ বৰ্ণিল পৰিসমাপ্তি ঘটাব বুলি মুখ্য প্ৰশিক্ষক বিজয়া ভৰালীযে সোমবাৰে জানিবলৈ দিয়ে । কণ কণ প্ৰশিক্ষাৰ্থী সকললেও এই সৃজনীশীল কৰ্মশালাত অংশগ্ৰহণ কৰি বহুলাংশে উপকৃত হোৱা বুলি প্ৰত্যেযেৰে জানিবলৈ দিলে। উল্লেখযোগ্য যে কৰ্মশালাৰ অন্তত অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰাৰ সুব্যৱস্থা কৰিব বুলি জানিবলৈ দিলে প্ৰশিক্ষক ভৰালীয়ে।

এজাক কিশোৰ কিশোৰীৰ নৃত্য-গীতত উদুলি-মুদুলি ঘিলামৰা কৃষ্টি ভৱন...
মই আছো আপোনালোকৰ সৈতেঃ মণিপুৰলৈ আহি বহুকেইটা প্ৰতিশ্ৰুতি দি গ'ল ৰাহুল গান্ধীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in