অৱসৰৰ পাছতো দৰমহা ল'বলৈ আহক ঘিলামৰাৰ লোক নিৰ্মাণ বিভাগলৈ...

শ্ব'কজতে দায়িত্ব সামৰিলে অভিযন্তাই

author-image
Asomiya Pratidin
New Update
অৱসৰৰ পাছতো দৰমহা ল'বলৈ আহক ঘিলামৰাৰ লোক নিৰ্মাণ বিভাগলৈ...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ এক আজব কাণ্ড । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোকনিৰ্মাণ দপ্তৰৰ ঢকুৱাখনাস্থিত সংমণ্ডল কাৰ্যালয়ত চলি থকা এই দুষ্কাৰ্য সন্দৰ্ভত জানিলে সকলো তবধ মানিবই লাগিব। ঘটনাটো আন একো নহয় ,যি সময়ত বছৰ যুগ ধৰি বিনা বেতনে সেৱা আগবঢ়াই চৰকাৰী দৰমহাৰ নামত ফুটা কঢ়ি এটাও লাভ নকৰাকৈ বহু জনে অৱসৰ আৰু  মৃত্যুক সাৱটি লৈছে ,তেনেসময়তে অৱসৰ গ্ৰহণৰ পাছতো কৰ্মচাৰীক নিয়মীয়া দৰমহা প্ৰদানৰ এক আজব কাণ্ড সংঘটিত হৈছে ঢকুৱাখনাত ।

আচৰিত যেন লাগিলেও এই আজব কাণ্ড সংঘটিত হৈছে ঘিলামৰাত অৱস্থিত  ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ সংমণ্ডল কাৰ্যালয়ত। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত উন্মোচিত তথ্য মতে সংমণ্ডলটোৰ এগৰাকী অৱসৰ প্ৰাপ্ত  নিয়মীয়া মাষ্টাৰ ৰোল কৰ্মচাৰীৰ অজ্ঞাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গৰাকীৰ নামত এই সংমণ্ডলটোৰ এজন অৰ্থলোভী কৰ্মচাৰীয়ে বক্রপথেৰে মাহিলি বেতন নিয়মীয়াকৈ আদায় দি লুণ্ঠনৰ অবৈধ ফন্দি পাতিছিল । সংমণ্ডলটোৰ "বিল এচিষ্টেণ্ট"ৰ দায়িত্ব প্ৰাপ্ত গৌতম সূতৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই ৰাজভঁৰালৰ পুঁজি উদৰস্থকৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । উপলব্ধ তথ্য মতে সংমণ্ডলটোৰ  নিয়মীয়া মাষ্টাৰৰোল কৰ্মচাৰী  লীলাম্বৰ চাউতালৰ  চলিত বৰ্ষৰ ৩১ মে'ত চাকৰিৰ কাৰ্যকাল শেষ হোৱাত বিধিগত ভাবে অৱসৰ গ্ৰহণ কৰে ।

সেই অনুসৰি এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পৰৱৰ্তী সময়ত লাভ কৰা গ্ৰেচুইটি ,লাইফ আদি  শিতানৰ ধন সংমণ্ডলটোৰ জৰিয়তে আদায় দিয়া হয় । ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু সংমণ্ডলটোৰ  বিল এচিষ্টেণ্টৰ দায়িত্বত থকা  জ্যেষ্ঠ সহায়ক গৌতম সূতৰ অৰ্থলোভী মনোভাৱৰ বাবে অৱসৰ গ্ৰহণৰ পৰৱৰ্তী সময়ত অহেতুক  বিতৰ্কৰ মাজলৈ আহিব লগা হৈছে অৱসৰ গ্ৰহণ কৰা  নিৰীহ কৰ্মচাৰী চাউতাল । কাৰণ এইগৰাকী সুবিধাভোগী বিল এচিষ্টেণ্ট সূতে অৱসৰ গ্ৰহণ কৰা চাউতালৰ জুন  মাহৰ মাহিলি বেতন বিল সংগোপনে  প্ৰস্তুত কৰি  সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা কনক বড়োৰ স্বাক্ষৰ পৰ্যন্ত কৌশলেৰে লিপিবদ্ধ কৰি এটা অতিৰিক্ত মাহৰ বেতন  আদায় দিয়ে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী গৰাকীক।  যিটো প্ৰসংগ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী গৰাকীৰ অজ্ঞাতেই সম্পন্ন কৰিছিল চতুৰ বিল এচিষ্টেণ্ট সূতে । এনেকৈ এটা মাহৰ বেতন অনৈতিক ভাবে  ৰাজকোষৰ পৰা সৰকাই নিয়াৰ পৰৱৰ্তী সময়ত পোহৰলৈ আহে বিষয়টো। কাৰ্যবাহী অভিযন্তা বড়োৱে পূৰ্বৰ বিভিন্ন অভিযোগত অভিযুক্ত কৰ্মচাৰী সূতক বিল এচিষ্টেণ্টৰ  দায়িত্বৰ পৰা আঁতৰাই উক্ত দায়িত্বত সংমণ্ডলটোৰ কনিষ্ঠ সহায়ক পংকজ দত্তক  নিযুক্তি দিয়াৰ পৰৱৰ্তী সময়ত এই ভয়ানক বিত্তীয় অনিয়ম ধৰা পৰে । স্পৰ্শকাতৰ বিষয়টো কাৰ্যবাহী অভিযন্তা বড়োৰ দৃষ্টিগোচৰ হোৱাত সংমণ্ডলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটে । উপ সংমণ্ডল কাৰ্য্যালয়ৰ পৰা কৰ্মচাৰীৰ নিয়মীয়া উপস্থিতি আৰু অনুপস্থিতি সন্দৰ্ভত  বিস্তৃত খতিয়ান সংমণ্ডললৈ যোৱাৰ পাচতহে মাহিলি বেতন বিল  প্ৰস্তুত কৰিব লাগে । কিন্তু এইগৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ সন্দৰ্ভত কোনো তথ্য উপ সংমণ্ডল কাৰ্যালয়ৰ পৰা প্ৰেৰণ নকৰা স্বত্তেও কি গোপন অভিসন্ধিৰে এই গৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ মাহিলি বেতন বিল প্ৰস্তুত কৰি  সূতে  কাৰ্যবাহী অভিযন্তাৰ অনুমোদন পৰ্যন্ত লৈ মোকলাই দিয়া হল বৃহৎ ধনৰাশি সেয়া সহজেই অনুমেয় ।

সম্প্ৰতি উপ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত এই গৰাকী মতলবি কৰ্মচাৰী সূতৰ এনে দুষ্কাৰ্য সন্দৰ্ভত অৱগত হৈ কাৰ্যবাহী অভিযন্তা বড়োৱে যোৱা ১ ছেপ্টেম্বৰত মেম' নম্বৰ ই ১২৭/৯৫-৯৬ / ১৬৯৯-১৭০৩  যোগে তদানীন্তন বিল এচিষ্টেণ্ট সূতক "কাৰণ দৰ্শোৱা জাননী " জাৰি কৰিছে।  দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে নিৰ্ধাৰিত সময়ত কৰ্তৃপক্ষক প্ৰত্যুত্তৰ প্ৰদান কৰিছে যদিও চৰকাৰী পুঁজি অহেতুক ভাবে অপচয় আৰু কুক্ষীগত কৰাত জড়িত এইগৰাকী কৰ্মচাৰীৰ প্ৰতি কঠোৰ অনুশাসন মূলক স্থিতি গ্ৰহণৰ পৰা কাৰ্যবাহী অভিযন্তা বড়ো বিৰত আছে ৰহস্যজনক ভাবে। প্ৰাপ্ত তথ্য মতে বিভাগটোৰে এগৰাকী ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰী জনৈক গোঁহাইয়ে এই সমগ্ৰ কাণ্ডত দুই পক্ষৰ মাজত মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰি অভিযন্তা গৰাকীক সৈমান কৰি ৰাখিছে  অভিযুক্তক  নিলম্বনৰ বিষয়টোৰ পৰা । জনিব পৰা মতে এই মধ্যভোগী গৰাকীয়ে অৱসৰ প্ৰাপ্ত কৰ্মচাৰী গৰাকীৰ পৰা এখন চেক সংগ্ৰহ কৰি তেঁওৰ একাউন্টৰ পৰা উক্ত বেতনৰ ধন ৰাশি উলিয়াই চৰকাৰী ভঁৰালত জমা দি সমগ্ৰ বিত্তীয় অনিয়মৰ পৰা গা বচোৱাৰ  প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে।  য'ত কাৰ্যবাহী অভিযন্তা বড়োৱে  সন্মতি প্ৰদান কৰা বুলিও ব্যাপক চৰ্চা চলিছে ।ইপিনে এক বিভাগীয় সূত্ৰই জনোৱা মতে ইতিমধ্যে দুটা মাহৰ বেতন এই অবৈধ পন্থাৰে সৰকাই নিয়া হৈছিল সংমণ্ডলটোৰ পৰা । জুলাই মাহৰো বেতন এনে পদ্ধতিৰে উলিয়াই নিয়াৰ আশংকা ব্যক্ত কৰে সূত্ৰটোৱে।  ইপিনে এনে এক ভয়ংকৰ কাৰচাজি আৰু বিত্তীয় অনিয়মপূৰ্ণ নথিপত্ৰত কিয় কাৰ্যবাহী অভিযন্তা গৰাকীয়ে  চকু মুদি স্বাক্ষৰ কৰিছিল সেয়াও অন্য এক ৰহস্যৰ বিষয় ।

সংমণ্ডলটোৰ মজিয়া গৰম কৰি ৰখা এই বিষয়টোৱে এই বুলিও চৰ্চা লাভ কৰিছে নিজক ধোঁৱা তুলসীৰ পাত সজাবলৈ অভিযন্তা গৰাকীয়ে এনে অক্ষমনীয় অপৰাধ কৰা  কৰ্মচাৰীৰ প্ৰতি গ্ৰহণ কৰিছে নেকি ভিজা মেকুৰীৰ ভূমিকা ?  বিভাগীয় শীর্ষ বিষয়া আৰু কৰ্মচাৰী জড়িত থকা এই অনিয়মৰ সন্দৰ্ভত বিভাগে কি কঠোৰ স্থিতি লয় সেয়া সুকীয়া কথা কিন্তু ৰাজকোষৰ পুঁজিলৈ লুলুপ দৃষ্টি দি কৰা এনে ভয়ানক দুষ্কাৰ্য সন্দৰ্ভত লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বৱানৰ  এক উচ্চ স্তৰীয় নিৰপেক্ষ তদন্ত হোৱাটো ৰাইজে  কামনা কৰে । সংমণ্ডলটোৰ সৎ ,নিষ্ঠাবান বিষয়া,কৰ্মচাৰী সকলৰ লগতে বিভাগটোক লজ্জানত কৰা এই বিত্তীয় কেলেংকাৰী  সন্দৰ্ভত জিলা উপায়ুক্ত আৰু কাৰ্যবাহী অভিযন্তাই অনাগত সময়ত কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

assam assamgovt