ডিজিটেল সংবাদ, ঘিলামৰাঃ সোমবাৰৰ পৰা ভাৰতবৰ্ষত তিনিখন নতুন ফৌজদাৰী আইন প্ৰণয়ণ হৈছে। এই তিনি খন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। ইয়াৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ঘিলামৰা আৰক্ষী থানাৰ উদ্যোগত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
ঘিলামৰাৰ জ্যেষ্ঠ নাগৰিক বিপিন বৰুৱাৰ সভাপতিত্বত আৰু ঘিলামৰা আৰক্ষী থানাৰ প্ৰভাৰী নয়ণজ্যোতি ডেকাই আঁত ধৰা সজাগতা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অধিবক্তা জানমণি বৰুৱা আৰু চিলাপথাৰ টাউন কলেজৰ অধ্যাপক যোগানন্দ গগৈয়ে নতুনকৈ প্ৰনয়ণ কৰা আইন খন প্ৰয়োগৰ ক্ষেত্ৰত অৱলোকন কৰে।
আনহাতে সাংবাদিক দিপাংকৰ চেতিয়াই আঁত ধৰা সজাগতা সভাত ঘিলামৰা প্ৰেছ ক্লাবৰ সম্পাদক উত্তম কুমাৰ হাজৰিকাই নতুন আইন আৰু পুৰণি আইনৰ তুলনামূলক বিশ্লেষণ আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ সভাখনত ঘিলামৰা প্ৰেছ ক্লাবৰ সভাপতি অতুল বৰুৱা, ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোঁহাই, সম্পাদক গুণ হাজৰিকা, ব্যৱসায়ী সন্থাৰ সভাপতি দিপেন হাজৰিকা, জ্যেষ্ঠ নাগৰিক গিৰীশ দত্ত, প্ৰেম গগৈ উপস্থিত থাকে।