ডিজিটেল ডেস্কঃ ছোৱালীৰ বিয়াৰ বয়স ১৮বছৰৰ পৰিৱৰ্তে ২১বছৰ নিৰ্ধাৰণ কৰিলে হিমাচল চৰকাৰে। শেহতীয়াকৈ এই কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে হিমাচলৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰি কয় যে, বাল্য বিবাহ প্ৰতিৰোধী এই আইনখন বিধানসভাত হিমাচল প্ৰদেশ সংশোধন বিধেয়ক গৃহীত কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, বাল্য বিবাহ ৰোধ কৰিবলৈ ১৯২৯চনত এখন আইন প্ৰণয়ণ কৰা হৈছিল। যাক শাৰদা এক্ট হিচাপে জনাজাত। এই আইন অনুসৰি ছোৱালীৰ বিয়াৰ বয়স ১৪বছৰ নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ পিছতে ১৯৭৮চনত পুনৰ এখন আইন গৃহীত কৰি ছোৱালীৰ বিয়াৰ বয়স ১৪ৰ পৰিৱৰ্তে ১৮বছৰ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ইয়াৰ পিছতে ২০০৬চনত ছোৱালীৰ বিয়াৰ বয়স ১৮ৰ পৰিৱৰ্তে ২১বছৰ হব লাগে বুলি এখন বিধেয়ক অনা হৈছিল।
ইফালে ৰাষ্ট্ৰ সংঘৰ এক তথ্যত প্ৰকাশ পাইছে যে, বিশ্বৰ ৬৪কোটি ছোৱালী ১৮বছৰৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হয়। ইয়াৰে এক তৃতীয়াংশ ছোৱালী ভাৰতৰ। উল্লেখ নকৰি নোৱাৰি যে, ২০২১ত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ছোৱালীৰ বয়স ১৮বছৰৰ পৰিৱৰ্তে ২১বছৰ কৰা হব। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ স্বাধীনতা দিৱসৰ বক্তৃতাত তেওঁৰ এই পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ প্ৰায় এবছৰৰ পিছত ১৫ ডিচেম্বৰৰ দিনা কেবিনেটে এই প্ৰস্তাৱত সন্মতিৰ সঁহাৰি জনায়।
জয়া জেইটলীয়ে নেতৃত্ব দিয়া চৰকাৰৰ এক বিশেষ টাস্কফ’ৰ্চে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নীতি আয়োগলৈ আগবঢ়োৱা পৰামৰ্শ অনুসৰি এই প্ৰস্তাৱ ৰখা হৈছিল। প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে মাতৃসকলৰ পুষ্টিজনিত সমস্যাসমূহ উন্নত কৰা আৰু তেনেধৰণৰ প্ৰাসংগিক কথাৰ বাবেই এই প্ৰস্তাৱ অনুমোদন জনোৱা হৈছিল।