ডিজিটেল ডেস্কঃ কলিকাতাৰ আৰ জি কৰ কাণ্ডক লৈ সমগ্ৰ দেশে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে নিৰ্যাতনৰ সন্মুখীন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, দেওবাৰে নিশা মহানগৰীৰ চূণচালিত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। বালি ভৰ্তি ডাম্পাৰ আৰু বুলেটৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল দুজন যুৱক।
আহত যুৱকদ্বয় শিলপুখুৰীৰ চেলগেৰীয়া এ চাংমা আৰু পৰিমল ৰায়ক নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি পুৱতি নিশা GMCHত ভৰ্তি কৰিছিল। চিকিৎসাধীন অৱস্থাতেই মত্যু হৈছিল চেলগেৰীয়া এ চাংমাৰ।
যুৱকৰ মৃ্ত্যুক কেন্দ্ৰ কৰি নিশা হাস্পতালখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সঠিক চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে মৃতকৰ পৰিয়ালে। চিকিৎসা অবিহনেই GMCHত বহু সময় পৰি থকাৰো অভিযোগ কৰিছে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালে।
মৃতকৰ কেইবাজনো আত্মীয়ই হাস্পতালখনত কৰ্মৰত চিকিৎসকক প্ৰহাৰ কৰে। ইয়াৰ পাছতে ভঙাঘৰ থানাত গোচৰ ৰুজু কৰে GMCH কৰ্তৃপক্ষই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষৰ এজাহাৰ ভিত্তিতে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালৰ ৫গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে ভঙাঘৰ আৰক্ষীয়ে।
ইফালে ভুক্তভোগী পৰিয়ালৰ লোকও GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। চিকিৎসকৰ কৰ্তব্যত বাধা দিয়াৰ অভিযোগত ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোককেইজনক।
Also Read: চিকিৎসক হত্যাকাণ্ডঃ দোষীক শাস্তি আৰু মহিলা-শিশুক নিৰাপত্তাৰ দাবীত শিলচৰত মহিলাৰ প্ৰতিবাদ