গহপুৰৰ ডুবিয়াৰ ওপজা ভূমিত জি এন আৰ চিৰ পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰাৰ অন্তৰংগ আলাপ...

গহপুৰৰ ডুবিয়াৰ ওপজা ভূমিত জি এন আৰ চিৰ পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰাৰ অন্তৰংগ আলাপ...
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: দশম-একাদশ শ্ৰেণীত পঢ়ি থকা অৱস্থাত মাতৃৰ শাৰীৰিক অসুস্থতাৰ দুৰ্বিষহ দৃশ্যই "চিকিৎসক" হ'বলৈ অনুপ্ৰাণিত কৰা এসময়ৰ মেধাৱী ছাত্র জন এতিয়া অসম তথা ভাৰতৰে এটা অতি চিনাকি নাম...।

গহপুৰৰ ডুবিয়াৰ দৰে এটা পিছপৰা অঞ্চলৰ এটি চহা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰি ডুবিয়াৰ ধূলি বালিৰে উমলি জামলি ডাঙৰ দীঘল হোৱা তেতিয়াৰ মেধাবী ছাত্ৰজন এগৰাকী সু চিকিৎসক হিচাপে গুৱাহাটীত প্ৰতিষ্ঠিত যদিও তেওঁ শিপা পাহৰি নগৈ আকৌ যেন ওপজা ভূমিৰ বাবে কিবা এটা কৰাৰ পণ বুকুত বান্ধি একাত্ম হৈছে ডুবিয়া বাসীৰ সৈতে।নাম তেওঁৰ ডাঃ নোমল চন্দ্ৰ বৰা।

ডুবিয়াৰ কৃষক ৰাইজৰ কৃষি ভূমিত উন্নত পদ্ধতিৰে কৃষি কৰ্ম কৰাৰ এক ইতিবাচক বতৰা লৈ ওপজা গাঁৱলৈ অহা ডা: নোমল চন্দ্ৰ বৰাই আজি ডুবিয়া ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি তাহানিৰ দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে কেছলেছ পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰিব পৰাকৈ কৃষি আঁচনি ৰূপায়ণৰ ওপৰত বাখ্যা আগবঢ়াই।

বিশিষ্ট শিক্ষাবিদ ডঃ যুগল বৰাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানটোত তেওঁ কয় যে জীৱনত কৃতকাৰ্য্যতা লাভ কৰিবলৈ হ'লে ছাত্র অৱস্থাৰ পৰাই প্ৰতিটো অসুবিধাক সুবিধালৈ পৰিণত কৰি সাহসেৰে আগবাঢ়ি যাব লাগিব জীৱন সংগ্ৰামত।জীৱনৰ বাটত পোৱা ঘাট প্ৰতিঘাট আৰু অভাৱ অভিযোগে এগৰাকী ব্যক্তিক প্ৰতিষ্ঠিত কৰি তুলিব পাৰে বুলি উল্লেখ কৰি ডা: নোমল চন্দ্ৰ বৰাই কয় যে তেওঁৰ মাতৃ শাৰীৰিক অসুস্থতাত ভূগি যেতিয়া শৰ্যাগত হৈ আছিল তেতিয়া সেই দুখলগা দৃশ্যই তেওঁক চিকিৎসক হ'বলৈ অনুপ্ৰাণিত কৰিছিল।

এফালে ধনৰ নাটনি আৰু আনফালে উপযুক্ত চিকিৎসক আৰু চিকিৎসা প্ৰণালীৰ অভাৱৰ বাবে মাতৃৰ নৰিয়া দেহাই পোৱা কষ্ট দেখি তেতিয়াই তেওঁ চিকিৎসক হোৱাৰ সংকল্প লৈ কেনেদৰে জি এন আৰ চি প্ৰতিষ্ঠা কৰিলে সেই বিষয়ে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে অন্তৰংগ আলাপ অনুষ্ঠানটোত।কেইবাশতাধিক ছাত্র-ছাত্ৰী,কৃষক, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থকা অন্তৰংগ আলাপ অনুষ্ঠানটোত ডা: নোমল চন্দ্ৰ বৰাই মাত্ৰ ৫ হাজাৰ টকাৰে জিএন আৰ চি খোলাৰ অতীত ৰোমন্থন কৰি বৰ্তমান সেই জি এন আৰ চিত দৈনিক ৫০ লাখ টকাৰ দৰমহা দি লাভ কৰা আত্মসন্তুষ্টি আৰু জীৱনৰ কৃতকাৰ্য্যতাৰ বিষয়ে উল্লেখ কৰে।

জীৱনত সফলতা আনিবলৈ হ'লে পৰিয়ালৰ প্ৰতি দায়িত্ব, ব্যক্তিগত জীৱন প্ৰণালী আৰু প্ৰফেছনেল লাইফৰ ওপৰত কেনেদৰে কৰ্তব্য পালন কৰিব লাগে সেই বিষয়ে বিভিন্ন উদাহৰণ ডাঙি ধৰে।কেতিয়াও পৰিশ্ৰমৰ সৈতে বিমুখ নহ'বলৈ পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে জীৱনত সফলতা পাবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব।উচ্চ শিক্ষা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰি বিশ্বনাথ চাৰিআলি আৰু তেজপুৰত অধ্যয়ন কৰাৰ সময়ত তেওঁ বৰ্ডিং হাউছত থকাৰ অতীত ৰোমন্থন কৰি কয় যে সেই সময়ত এহাল লৰা ছোৱালীক মাহে ১০ টকাৰ মাননী লৈ টিউচন কৰি তেওঁ পঢ়াৰ খৰছ উলিয়াইছিল।

বাৰাণ্ডাৰ পকী মজিয়াৰ ওপৰত বিছনা পাৰি সেই বিছনাৰ শিতানত গাৰু হিচাপে ট্ৰাংক ব্যৱহাৰ কৰা আৰু তেনেদৰে এক কষ্টকৰ পৰিৱেশত অধ্যয়ন কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি ডাঃ নোমল চন্দ্ৰ বৰাই লগতে কয় যে সেই সময়ত বৰ্ডিংত থাকোতে উৰহে কামুৰি তেওঁৰ পিঠি বখলা বখল কৰিছিল যদিও তেওঁ ১৪ ঘণ্টাকৈ তেনে অৱস্থাত কষ্টকৰ পৰিৱেশত অধ্যয়ন কৰি ভাল ফলাফল প্ৰদৰ্শন কৰিছিল।

তেওঁ কয় যে পঢ়াৰ মাদকতা সুকীয়া। পঢ়ি যদি আনন্দ পোৱা যায় তেতিয়া কেতিয়াও এলাহ নালাগে।এই অন্তৰংগ আলাপৰ জৰিয়তে তেওঁ ছাত্র ছাত্ৰী সকলক প্ৰতিটো বিষয়ত ১০০ শতাংশ নম্বৰ পোৱাৰ আনন্দ উপভোগ কৰিব পৰাকৈ অধ্যয়ন কৰি যাবলৈ পৰামৰ্শ আগবঢ়াই।ছাত্র ছাত্ৰী সকলক মবাইল ফোনৰ প্ৰতি থকা আসক্তি পৰিহাৰ কৰি মবাইল ফোনৰ ইতিবাচক দিশ সমূহৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰে।

সুবিধা জনক কিম্বা আৰামদায়ক অৱস্থা পৰিহাৰ কৰি কঠোৰ শ্ৰমৰ জৰিয়তে জীৱনৰ মাদকতা উপলব্ধি কৰিবলৈ তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।এই অন্তৰংগ আলাপ অনুষ্ঠানটোত ডাঃ নোমল চন্দ্ৰ বৰাৰ সহধৰ্মিনী ডঃ জয়শ্ৰী দাস বৰা,জীয়ৰী শতাব্দী বৰা,পুত্ৰ ডাঃ মাধুৰ্য্য বৰাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

স্বাস্থ্য পৰীক্ষা শিৱিৰ:-উক্ত অন্তৰংগ আলাপ অনুষ্ঠানৰ প্ৰাকক্ষণত আজি পুৱা ৯ বজাৰ পৰা ডুবিয়া ছোৱালী হাইস্কুলত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়।জি এন আৰ চি হস্পিতাল আৰু ডুবিয়া উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰটোৰ জৰিয়তে পাঁচ শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ যোগান ধৰে জিএন আৰ চি কৰ্তৃপক্ষই।

তদুপৰি প্ৰয়োজন অনুসৰি ইচিজি আৰু ব্লাড ছুগাৰ পৰীক্ষা কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা হয়।জি এন আৰ চি হস্পিতালৰ স্মায়ু,হৃদৰোগ,মেডিচিন আৰু বৃক্ক ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত ডাঃ ধ্ৰুৱজ্যোতি চৌধুৰী, ডা: কৃষ্ণ চন্দ্ৰ নাৰ্জাৰী,ডা:পাৰভেজ বি চৌধুৰী, ডা: সুদিপ্ত হাজং,ডা:বিবেকানন্দ লাহন,ডা: ইৰছাদ আহমেদ আৰু ডা: জাহিদ হাছানে।

তদুপৰি শিৱৰটোৰ সকলো দিশ তদাৰক কৰে জি এন আৰ চিৰ মাৰ্কেটিং এণ্ড ব্ৰেণ্ড প্ৰমোচন বিভাগৰ ছিনিয়ৰ মেনেজাৰ মৃণাল আলী হাজৰিকাই। এই স্বাস্থ্য পৰীক্ষা শিৱিৰটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লয় ডুবিয়া উন্নয়ন সমিতিৰ বিষয়ববীয়া ড: যুগল বৰা,পৰাগ বৰা,ৰবীন্দ্ৰ হাজৰিকা, শিল্পীৰাণী দেৱী, দিব্যজ্যোতি শৰ্মা, কৃষ্ণ শইকীয়া,পৰেশ গগৈ, তুলশী দিহিঙীয়া প্ৰমুখ্যে বিভিন্ন জন ব্যক্তিয়ে।উক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰটো আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in