পূৰ্বৰ গৰিমা হেৰুৱাইছে গহপুৰ পৌৰসভাইঃ জাৱৰৰ দমত পোত গৈছে বিভিন্ন অঞ্চল

পূৰ্বৰ গৰিমা হেৰুৱাইছে গহপুৰ পৌৰসভাইঃ জাৱৰৰ দমত পোত গৈছে বিভিন্ন অঞ্চল
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ চাফ চিকুনতাৰ ক্ষেত্ৰত পূৰ্বৰ গৰিমা হেৰুৱাইছে গহপুৰ পৌৰসভাই। গহপুৰ পৌৰসভাৰ অন্তৰ্গত গহপুৰ নগৰৰ মাজমজিয়াৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গোন্ধময় পৰিৱেশে কদৰ্য্যময় কৰি তুলিছে সমগ্র পৰিৱেশ। এক কথাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বছ ভাৰত অভিযান এতিয়া প্ৰসহনত পৰিণত হৈছে গহপুৰ নগৰত।

ডাষ্টবীন আৰু নলা-নৰ্দমাত জমা হোৱা পেলনীয়া সামগ্ৰী নিয়মিতভাৱে নিষ্কাষণ কৰাৰ ব্যৱস্থা কৰিবলৈ গহপুৰ পৌৰসভাই গুৰুত্ব আৰোপ নকৰাৰ ফলতে এতিয়া য'তে ত'তে দেখিবলৈ পোৱা যায় জাৱৰৰ দম। কেইমাহমান আগলৈকে গহপুৰ নগৰখন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গহপুৰ পৌৰসভাই যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছিল সেই পদক্ষেপ এতিয়া খোলাকতি তালত পৰিণত হৈছে।

গহপুৰ পৌৰসভাৰ নতুন কাৰ্য্যবাহী বিষয়া পূজা কুমাৰীয়ে যোগদান কৰাৰ পিছৰে পৰা এই বিষয়বোৰ এতিয়া গুৰুত্বহীন হৈ পৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। সমন্বয় আৰু জনসম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ ফলতে কাৰ্য্যবাহী বিষয়াগৰাকীয়ে নগৰীয়া ৰাইজ আৰু ব্যৱসায়ী সকলৰ সমস্যাৰ মাজত সোমাই পৰিব পৰা নাই বুলি অভিযোগ কৰিছে বহু ব্যৱসায়ীৰ লগতে নগৰীয়া ৰাইজে। চাফাই কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰি নিয়মীয়াকৈ কামত লগাব নোৱাৰাৰ ফলতে এতিয়া গহপুৰ নগৰখন জাবৰ জোথৰে ছানি ধৰা বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

উল্লেখযোগ্য যে-গহপুৰ পৌৰসভাৰ কাৰ্যালয়ত এজনো স্থায়ী চাফাই কৰ্মী নাই। ৮জন চাফাই কৰ্মীয়েই অস্থায়ী। সীমিত মজুৰীৰে কাম কৰি অহা এই চাফাই কৰ্মীসকলৰ মজুৰী বৃদ্ধিৰ বিষয়টোৱে আজিলৈকে গুৰুত্ব নাপালে।

গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াগৰাকীয়ে প্ৰতিটো কামৰ ক্ষেত্ৰত লেহেমীয়া গতি অৱলম্বন কৰাৰ বাবেই খৰতকীয়াকৈ কাম কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। যাৰ বাবে এতিয়া গহপুৰ পৌৰসভা এলেকাত ইটোৰ পিছত সিটো সমস্যাই গা কৰি উঠিছে।

বিষয়াগৰাকীয়ে কিছুমান সৰু কামৰ ক্ষেত্ৰতো বেছি "ফৰ্মেলেটিছ" দেখুৱাই অহাৰ বাবে ইটোৰ পিছত সিটো সমস্যাই ডিঙি লৈকে পোত যোৱা বুলি মন্তব্য কৰিছে নগৰীয়া ৰাইজে।

পূৰ্বৰ গৰিমা হেৰুৱাইছে গহপুৰ পৌৰসভাইঃ জাৱৰৰ দমত পোত গৈছে বিভিন্ন অঞ্চল
গহপুৰত খহনীয়াৰ কালৰূপঃ সলনি হৈছে কেইবাখনো গাঁৱৰ মানচিত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in